ASSAM TIMES POST
নিউজ ডেস্ক:
প্ৰব্ৰজিত শ্ৰমিকসকলৰ বাবে বিশেষ ৰে’ল চলিব ধৰোতেই বুজা গৈছে নিবনুৱাৰ ছবিখন। প্রতিদিনে ৰে’লত নিজ নিজ ৰাজ্যলৈ উভতিছে হাজাৰ হাজাৰ শ্রমিক। ৰুজি-ৰুটি-সংস্থান আপাতত বন্ধ। লকডাউন উঠিলে পৰিস্থিতি স্বাভাবিক হোৱাৰ পিছত পুনৰ কর্মস্থলীলৈ উভতিলেও যে কাম পাব, তেনে নিশ্চয়তাও নাই।

ফলত অসংগঠিত ক্ষেত্রত পৰিস্থিতি যে কিমান ভয়ানক হ’বলৈ আগবাঢ়িছে, তাৰ অনুমান লগাব পৰা গৈছে প্ৰব্ৰজিত শ্রমিকসকলৰ ঘৰলৈ ঘূৰাৰ এই ঢল দেখিয়েই। এই সংক্রান্তত এটি বেচৰকাৰী সংস্থাই প্ৰকাশ কৰা মতে, বিগত এমাহত কাম হেৰুৱাইছে ১২ কোটিৰো অধিক লোকে। সময়ৰ লগে লগে সেই সংখ্যাটো যে আৰু বাঢ়িব, তাক এতিয়াই অনুমান কৰিছে বিশেষজ্ঞসকলে।
বেসৰকাৰ ক্ষেত্রত কর্মসংস্থাপন, অর্থনীতিৰ গতি-প্রকৃতিক লৈ গবেষণা আৰু সমীক্ষাকাৰী বেচৰকাৰী সংস্থা ‘চেণ্টাৰ ফৰ মনিটৰিং ইণ্ডিয়ান ইকন’মি’ (চিএমআইআই)-এ দাবী কৰিছে, কেৱল মাত্র মে’ মাহতেই কাম হেৰুৱাইছে প্রায় ১২ কোটি ২০ লক্ষ মানুহে। প্ৰব্ৰজিত শ্রমিকসকল ঘৰলৈ ওভতাৰ প্ৰমাণ-পত্ৰ নিদিয়া পর্যন্ত সেই চিত্রখন বুজিব পৰা নাযাব৷
চিএমআইআই-ৰ এই ৰিপোর্টত কোৱা হৈছে, সকলোতকৈ বেছি ক্ষতিগ্রস্ত হৈছে দিনমজুৰিৰ ভিত্তিত কাম কৰা শ্রমিক আৰু যিসকলে নিজে সৰু-সুৰা ব্যৱসায় কৰিছিল তেওঁলোক। ইয়াৰ ভিতৰত আছে হকাৰ, ফুটপাথৰ ব্যৱসায়ী, নির্মাণ উদ্যোগৰ শ্রমিক, ৰিক্সা-অটো চালকসকলৰ দৰে পেছাৰ লোকসকল।
বিভিন্ন ক্ষেত্রত উন্নয়নক লৈ বহুজাতিক পৰামর্শদাতা সংস্থা ‘আইপিই গ্লোবাল’-ৰ মতে, ভাইৰাছতকৈও অধিক মানুহৰ মৃত্যু হ’ব অভাৱত। সংস্থাটোৰ পৰিচালন সঞ্চালক অশ্বজিৎ সিঙে কয়, ‘‘বহু বছৰ ধৰি দাৰিদ্ৰ্য দূৰীকৰণত ভাৰত চৰকাৰৰ সকলো প্রচেষ্টা মাত্র কেইটামান মাহেই বিফল কৰি দিছে।’’










