ASSAM TIMES POST
নতুন দিল্লীঃ জনপ্ৰিয় ছ’চিয়েল মিডিয়া হোৱাটচএপ আৰু ইন্স্টাগ্ৰামৰ নাম শীঘ্ৰেই সলনি হ’ব। ছ’চিয়েল মিডিয়াৰ ‘ৰজা’ ফেচবুকেই ইয়াৰ নাম সলনি কৰিব। সেয়ে এপ ষ্ট’ৰ আৰু গুগল প্লেত ইয়াক বেলেগ নামেৰেহে পোৱা যাব।
শুকুৰবাৰে এই কথা ঘোষণা কৰে ফেচবুকৰ মালিক মাৰ্ক জুকাৰবাৰ্গে। ইয়াৰ কাৰণ হ’ল যদিও হোৱাটচএপ আৰু ইন্স্টাগ্ৰাম মাৰ্ক জুকাৰবাৰ্গেই আৰম্ভ কৰিছিল, তথাপিতো এই দুটা সামাজিক মাধ্যমৰ বৰ্ধিত জনপ্ৰিয়তাই ফেচবুকৰ গৰিমা হ্ৰাস কৰি পেলাইছে। সেয়ে হোৱাটচএপক ‘ফেচবুকৰপৰা হোৱাটচএপ’ (WhatsApp from Facebook) আৰু ইন্স্টাগ্ৰামক ‘ফেচবুকৰপৰা ইন্স্টাগ্ৰাম’ (Instagram from Facebook) হিচাপে জনাজাত হ’ব।













