ASSAM TIMES POST
নিউজ ডেক্স:
অতীতত বিশ্বজুৰি সনাতন ধৰ্ম প্ৰচলন আছিল৷ ইয়াৰ বহু প্ৰমাণ আগেয়ে পোৱা গৈছে৷ এইবাৰ ভিয়েটনামৰ এটা মন্দিৰত খনন কাৰ্য চলোৱাৰ সময়ত উদ্ধাৰ হ’ল নৱম শতাব্দীৰ শিৱলিংগ৷ এই শিৱলিংগ উদ্ধাৰ হোৱাৰ পাছত ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে টুইট কৰে, এই ঘটনাই সভ্যতাৰ সংযোগৰ প্ৰমাণ বহন কৰিছে৷
জানিব পৰা মতে আৰ্কিয়লজিকেল ছাৰ্ভে অব ইণ্ডিয়াৰ তৰফৰ পৰা ভিয়েটনামৰ৷কোয়াং নামৰ ৰাজ্যৰ মাই সোন ৱ’ৰ্ল্ড হেৰিটেজ প্ৰকল্প এলেকাৰ চাম মন্দিৰত খনন কাৰ্য চলোৱা হৈছিল৷ তাৰ চাৰিজন সদস্যৰ দল এটা এই কামৰ সময়ত নৱম শতিকাৰ এই শিলৰ শিৱলিংগ উদ্ধাৰ হয়৷
ইয়াৰ পাছত বিষয়টো লৈ আৰ্কিয়লজিকেল ছাৰ্ভে অব ইণ্ডিয়াৰ বিষয়াসকল আলোচনাত বহে৷ এই সম্পৰ্কে নিজৰ উচ্ছাসত কথা গোপন নকৰিলে বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে৷ এই শিৱলিংগ উদ্ধাৰ কৰাত মন্ত্ৰীজনে আৰ্কিয়লজিকেল ছাৰ্ভে অব ইণ্ডিয়াক ভূয়সী প্ৰশংসা কৰে৷










