ASSAM TIMES POST
নিউজ ডেক্স:
চতুৰ্থ পৰ্যায়ৰ লকডাউন অহা দেওবাৰে অন্তহ পৰিব৷ ইয়াৰ পাছত লকডাউন বৃদ্ধি কৰা হ’ব নে? এই প্ৰশ্ন দেশবাসীৰ মাজত নিতৌ উত্থাপন হৈ আছে৷ আনহাতে ক’ৰোনা ভাইৰাছ সংক্রমণ বৃদ্ধিৰ দিশত দেশত প্রতিদিনে নতুন নতুন অভিলেখ সৃষ্টি হৈছে৷ নিতৌ বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা৷
ইয়াৰ লগতে নিতৌ বৃদ্ধি পাইছে মৃত্যু হোৱাৰ লোকৰ সংখ্যা৷ তাৰ মাজতে দেওবাৰে অন্ত পৰিব চতুৰ্থ পৰ্যায়ৰ লকডাউন৷ এই পৰিস্থিতিত পৰৱৰ্তী ৰণকৌশল কি হ’ব তাকে লৈ গৃহ মন্ত্ৰী অমিত শ্বাহৰ সৈতে আলোচনা কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে৷ আকৌ দুসপ্তাহ লকডাউন বঢ়োৱাৰ সম্ভাৱনা আছে৷
ইয়াক লৈ চূড়ান্ত সিদ্ধান্ত হোৱা নাই বুলি গৃহ মন্ত্ৰালয় আৰু প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ সূত্ৰত প্ৰকাশ৷ চূড়ান্ত সিদ্ধান্ত আগন্তুক দিনত ঘোষণা হোৱাৰ সম্ভাৱনা আছে৷ আনহাতে বৃহস্পতিবাৰে কেবিনেট সচিব ৰাজীৱ গৌবাই ৰাজ্যবোৰৰ মুখ্য সচিব আৰু স্বাস্থ্য সচিবৰ সৈতে আলোচনা কৰিছিল৷
এই বৈঠকত ৰাজ্যবোৰৰ ক’ৰোনা সংক্ৰমণ আৰু নিয়ন্ত্ৰণক লৈ আলোচনা কৰে৷ তাৰ পাছৰ নিশা মুখ্যমন্ত্ৰীসকললৈ ফোন কৰি লকডাউনক লৈ তেওঁলোকৰ মতামত জানিবলৈ লয় গৃহমন্ত্ৰী অমিত শ্বাহে৷ মুখ্যমন্ত্ৰীসকলেও মতামত ব্যক্ত কৰে৷ আজি বৈঠকৰ সূত্ৰে পোৱা খবৰ মতে মুখ্যমন্ত্ৰীসকলৰ মতামত প্ৰধানমন্ত্ৰী মোডীক সবিশেষ জনায় অমিত শ্বাহে৷
তদুপৰি ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ নিয়ন্ত্ৰণ কৰি অৰ্থনৈতিক কাম কি দৰে আগুৱাই নিব পাৰি সেই বিষয়ে আলোচনা কৰে৷ উল্লেখ্য যে প্ৰতিটো পৰ্যায়ৰ লকডাউন বৃদ্ধি কৰাৰ আগতে মুখ্যমন্ত্ৰীসকলৰ সৈতে প্ৰধানমন্ত্ৰীয়ে ভিডিঅ’ কনফাৰেন্স যোগে আলোচনা কৰি আহিছে৷ কিন্তু এইবাৰ এই পৰ্যন্ত কোনো বৈঠক হোৱাৰ খবৰ পোৱা নাই৷










