ASSAM TIMES POST
নিউজ ডেস্ক:
যোৱা ২৪ ঘণ্টাত এইমছৰ ৫০জনৰো অধিক স্বাস্থ্যকর্মীৰ দেহত কৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে। ফলত চিকিৎসা প্ৰতিষ্ঠানখনৰ স্বাস্থ্যকৰ্মীসকল অধিক উদ্বিগ্ন হৈ পৰিছে৷ ইতিমধ্যেই চিকিৎসক, নাৰ্ছ, মেচকর্মী, টেকনিচিয়ান, চাফাইকর্মী আৰু নিৰাপত্তাৰক্ষী মিলি ১৯৫ জন কৰোনাত আক্রান্ত হৈছে এইমছৰ।
বিগত দুদিনৰ ভিতৰত আক্রান্ত হৈছে এজন এমবিবিএছৰ ছাত্ৰ, তিনিজন ৰেচিডেন্ট চিকিৎক, ৮গৰাকী নাৰ্ছ আৰু ৫জন মেচ কর্মী। ইয়াৰ উপৰি আছে লেবৰেটৰীৰ কর্মী, টেকনিচিয়ান, চাফাইকর্মী আৰু নিৰাপত্তাৰক্ষী।










