ASSAM TIMES POST
অজন্তা তালুকদাৰ, বোকাখাতঃ
সম্প্ৰতি বানত অধিক ক্ষতিগ্ৰস্ত বোকাখাত মহকুমাৰ বন্যাৰ্ত ৰাইজলৈ বান সাহায্য প্ৰদানৰ বাবে বিবিধ স্বেচ্ছাসেৱী সংগঠন আগবাঢ়ি অহাৰ কথাই বানপীড়িত ৰাইজক যথেষ্ট সকাহ দিছে। অসমৰ এক আগশাৰীৰ স্বেচ্ছাসেৱী সংগঠন ‘ৰাউণ্ড টেবুল ইণ্ডিয়া’ই ৩ আগষ্টত বোকাখাতৰ বিভিন্ন স্থানত বানগ্ৰস্তৰ মাজত বান সাহায্য বিতৰণ কৰে।

সংগঠনটোৰ উদ্যোগত আৰু বোকাখাত মহকুমা সাংবাদিক সন্থাৰ সহযোগত বানে গৰকি যোৱা বোকাখাত ৰাজহ চক্ৰৰ যোগনীয়া দেওদিয়া, মৰিয়াহোলা, নিকৰিঘাটৰ প্ৰায় ৪৫০ পৰিয়ালৰ মাজত বান সাহায্য বিতৰণ কৰা হয়। সংগঠনটোৰ অধ্যক্ষ ৰবীন অগ্ৰৱাল, মহিলা সংগঠক ঋষিকা অগ্ৰৱাল, প্ৰাকৃতিক দুৰ্যোগৰ দায়িত্বত থকা এৰিয়া কনভেনৰ ৰিণাল অগ্ৰৱাল, সদস্য যশ ধনুকা, শান্তনু অগ্ৰৱাল আৰু কৌশিক অগ্ৰৱালে বোকাখাতৰ বান সাহায্যকাৰী দলটোৰ নেতৃত্ব দিয়ে। বোকাখাত মহকুমা সাংবাদিক সন্থাৰ হৈ জিতু শৰ্মা ৰাজখোৱা আৰু বুবুল দত্তৰ লগতে বোকাখাতৰ যুৱ ব্যৱসায়ী কৈলাশ পাটৱাৰীয়েও দলটোৰ সৈতে সহযোগিতা কৰে।

উল্লেখ্য যে সংগঠনটোয়ে সাম্প্ৰতিক বানত ক্ষতিগ্ৰস্ত হোৱা প্ৰায় ১০ খন জিলাৰ কেইবাহাজাৰো পৰিয়ালৰ মাজত বান সাহায্য প্ৰদান কৰিছে। উক্ত দিনাও সংগঠনটোৰ সদস্য সকলে সাহায্য সামগ্ৰী লৈ কেইবাটাও দলত বিভক্ত হৈ যোৰহাটকে ধৰি উজনিৰ একাধিক জিলাৰ বান ক্ষতিগ্ৰস্তৰ মাজত সাহায্য প্ৰদান কৰে।













