ASSAM TIMES POST
নিউজ ডেস্ক : শনিবাৰে নৰেন্দ্ৰ মোদী চৰকাৰৰ দ্বিতীয় ইনিংছৰ প্রথম বর্ষপূর্তি। তাৰ ঠিক পূৰ্বে আজি চৰকাৰী পৰিসংখ্যাই জনালে, জানুৱাৰীৰ পৰা মার্চ, অর্থাৎ বিগত বিত্তীয় বৰ্ষৰ শেষ ত্রৈমাসিকত অৰ্থনৈতিক বিকাশৰ হাৰ আছিল মাত্র ৩.১%। এই তিনি মাহত কেৱল শেষৰ সাত দিন লকডাউন আছিল।
বিগত বিত্তীয় বছৰ ২০১৯-২০ত বিকাশৰ হাৰ ৪.২%তে থমকি ৰৈছে। ২০০৮ৰ মন্দাৰ পিছত ১১ বছৰত অৰ্থনৈতিক বিকাশ ইমান তললৈ নমা নাই। বিমুদ্ৰাকৰণৰ পূৰ্বে ২০১৬-১৭ৰ ৮.২ শতাংশ বৃদ্ধিৰ কার্যত আধা। আজি চৰকাৰী হিচাবে জনাইছে, মোদী চৰকাৰে ২০১৯-২০ত ৰাজকোষ ঘাটিও ৩.৮%ৰ লক্ষ্যমাত্রাৰ ভিতৰত বান্ধি ৰাখিব পৰা নাই। সেয়া ৪.৫৯%ত গৈ থমকিছে।