আধ্যাত্মিক চেতনা বিহীন জীৱন নিৰৰ্থকঃ ৰোহিণী বল্লভ গোস্বামী
ASSAM TIMES POST
জিতেন বৰকটকী, নগাঁওঃ নগাঁও চহৰৰ আমোলাপট্টি নাট্য মন্দিৰ প্ৰেক্ষাগৃহত কালিৰে পৰা অনুষ্ঠিত হোৱা নগাঁও জিলা ব্ৰাহ্মণ সমাজৰ ৩৩ সংখ্যক দ্বি- বাৰ্ষিক অধিবেশনৰ আজি বিয়লি সামৰণি পৰে। অধিবেশনৰ আজি অন্তিম দিনৰ কাৰ্যসূচীত পুৱা ১০-৩০ বজাত মুকলি অধিবেশন অনুষ্ঠিত হয়। নগাঁও জিলা ব্ৰাহ্মণ সমাজৰ সভাপতি ৰবীন্দ্ৰ নাথ শৰ্মাৰ পৌৰহিত্যত অনুষ্ঠিত মুকলি সভাত নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্রহণ কৰি অসম ব্ৰাহ্মণ সমাজৰ মুখ্য উপদেষ্টা আচাৰ্য ৰোহিণী বল্লভ গোস্বামীয়ে আচাৰ-ব্যৱহাৰ, সাজ-পোচাক, সংস্কাৰ, ব্যক্তিত্ব আদিৰ যোগেদি এজন ব্ৰাহ্মণৰ পৰিচয় ফুটি উঠে বুলি উল্লেখ কৰি লগতে কয় যে মাথো ব্ৰাহ্মণ কুলত জন্ম ললেই ন’হব।
ব্ৰাহ্মণ হবলৈ হলে সদাচাৰী আৰু আস্তিক হব লাগিব। আনহাতে ঋক বেদৰ উদ্ধৃতিৰে তেওঁ কয় যে আমি সকলো বিশ্ব মানব একেলগে আগবাঢ়ি যাব লাগিব । আমাৰ সকলোৰে বাক্ শক্তি সমান আৰু মন একে হোৱা উচিত। এটা জাতি জীয়াই থাকিবলৈ হলে ভাষা-সাহিত্য-সংস্কৃতিৰ প্ৰয়োজন ।ভাষা- সাহিত্য-সংস্কৃতি থাকিলেহে এটা জাতি জীয়াই থাকিব । সম্প্ৰতি যুৱ প্ৰজন্মৰ লগতে সকলো দিশতে সংস্কৃত ভাষাৰ চৰ্চা কমি যোৱাত আক্ষেপ প্ৰকাশ কৰি তেওঁ কয় যে সংস্কৃত ভাষা বিলুপ্তিৰ পথত।

সংস্কৃত ভাষাৰ প্ৰতি মানুহৰ অৱহেলা হৈছে । কিন্তু আধ্যাত্মিকতাৰ দেশ ভাৰতবৰ্ষত সংস্কৃত ভাষাৰ প্ৰয়োজন আছে। যিহেতু আধ্যাত্মিক চেতনা বিহীন জীৱন নিৰৰ্থক। আনহাতে সত্যক অন্বেষণ কৰাই ব্ৰাহ্মণৰ নীতি বুলি উল্লেখ কৰি গোস্বামীয়ে প্ৰসংগক্ৰমে কয় যে ৰাজ পথত আন্দোলন কৰিবলৈ ব্ৰাহ্মণ সমাজ গঠন হোৱা নাই। সংৰক্ষণ বিহীনভাৱে ব্ৰাহ্মণ সন্তানে যোগ্যত প্ৰতিপন্ন কৰি অহিছে। বেদ, উপনিষদ, পুৰাণ,মহাকাব্য আদিৰ উদ্ধৃতিৰে ব্ৰাহ্মণ সমাজৰ মুখ্য উপদেষ্টা গোস্বামীয়ে প্ৰদান কৰা দীঘলীয়া ভাষণে সভাত উপস্থিত সকলোকে মুগ্ধ কৰে। বিশিষ্ট সংস্কৃত পণ্ডিত যজ্ঞপতি শৰ্মা শাস্ত্ৰীয়ে উদ্বোধন কৰা মুকলি অধিবেশনত প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বঢ়মপুৰ সমষ্টিৰ বিধায়ক প্ৰফুল্ল কুমাৰ মহন্তই তেওঁৰ বিধায়ক পুঁজিৰ পৰা এক লাখ টকা অনুদান জিলা ব্ৰাহ্মণ সমাজলৈ আগবঢ়ায়।
এক লাখ টকা অনুদানৰ চেক প্ৰদান কৰি দিয়া ভাষণত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই কয় যে ভাৰতীয় সংস্কৃতিত বেদৰ যি প্ৰভাৱ সেয়া বিদেশত প্ৰচাৰ হৈছে।নেদাৰলেণ্ডৰ ছাত্ৰ- ছাত্ৰীক গীতা পঢ়িবলৈ দিয়া হয় যদিও তেওঁলোক ধৰ্মত খৃষ্টান।অধ্যয়নে মানুহক জ্ঞানী কৰি তোলাৰ লগতে সমাজক উত্তৰণৰ দিশে আগুৱাই নিব পাৰে বুলি প্ৰাক্তন মুখ্যমন্ত্ৰী মহন্তই মন্তব্য কৰে।সভাত নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা উপস্থিত থাকি চমু ভাষণত ব্ৰাহ্মণ সম্প্ৰদায়ৰ ইতিহাস পুৰণি বুলি উল্লেখ কৰাৰ লগতে ব্ৰাহ্মণ সকলে সমাজৰ উন্নতিত অৰিহনা যোগাই অহা বুলি মন্তব্য কৰে ।
জিলা ব্ৰাহ্মণ সমাজৰ সম্পাদক নৰেন্দ্ৰ নাথ শৰ্মাই আঁত ধৰা সভাখনত ব্ৰাহ্মণ সমাজলৈ বিশেষ অৰিহনা আগবঢ়োৱা চাৰিগৰাকী ব্যক্তি ক্ৰমে নৃপেন বৰঠাকুৰ,চন্দ্ৰ শৰ্মা, গোলাপ শৰ্মা আৰু প্ৰফুল্ল শৰ্মাক বিশেষভাৱে সম্বৰ্ধনা জনোৱাৰ লগতে মহিলা ব্ৰাহ্মণ সমাজৰ তৰফৰ পৰা চাৰিগৰাকী ব্ৰাহ্মণ সম্প্ৰদায়ৰ কৃৰ্তি ছাত্ৰী ক্ৰমে গীতাঞ্জলি বৰঠাকুৰ,ত্ৰিধাৰা গাৰ্গ,স্নেহা মিশ্ৰ আৰু চন্দ্ৰনা গোস্বামীক বিশেষ ভাৱে সম্বৰ্ধনা জনোৱা হয়।অধিবেশনত নগাঁও জিলা সংমণ্ডল বিদ্যালয় পৰিদৰ্শক প্ৰবীন শৰ্মা,জিলা কৃষি বিষয়া অশোক শৰ্মা খাউণ্ড,অসম ব্ৰাহ্মণ সমাজৰ প্ৰধান সম্পাদক গণেশ শৰ্মা,সংস্কৃত পণ্ডিত যজ্ঞপতি শৰ্মা শাস্ত্ৰীকে ধৰি ভালে কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
উল্লেখ যে এই সভাতেই নগাঁও জিলা ব্ৰাহ্মণ সমাজৰ গৃহ নিৰ্মাণৰ বাবে ৰহাৰ হৰেন শৰ্মাই এক লাখ টকা অনুদান আগবঢ়ায়।সভাৰ আৰম্ভণিতে প্ৰয়াত ভাৰতী দেৱীৰ সোঁৱৰণত তেওঁৰ পুত্ৰ ক্ৰমে অনিল কুমাৰ শৰ্মা, অশোক কুমাৰ শৰ্মা আৰু অনুজ কুমাৰ শৰ্মাই আগবঢ়োৱা জিলা ব্ৰাহ্মণ সমাজৰ মুখপত্ৰ “ব্ৰহ্মজ্যোতি” উন্মোচন কৰে ৰহা মহাবিদ্যালয়ৰ সংস্কৃত বিভাগৰ মুৰব্বী অধ্যাপক ডঃ দ্বিজেন শৰ্মাই। এই সভাতেই জিলা সমাজৰ অধীনৰ কলিয়াবৰ আঞ্চলিক সমিতিক সকলো দিশৰ পৰা শ্ৰেষ্ঠ আঞ্চলিক হিছাপে গণ্য কৰি জিলা সমাজে মানপত্ৰ প্ৰদান কৰে।













