ASSAM TIMES POST
জিতেন বৰকটকী, নগাঁওঃ বিগত সময়ত নগাঁও আৰক্ষীৰ অভিযানত ৫৭টা দুধৰ্ষ গৰু চোৰ গ্ৰেপ্তাৰ হোৱাৰ লগতে চুৰিকাৰ্যত ব্যৱহৃত ২৪খন ট্ৰাক জব্দ আৰু ৩৯৪টা কৈ গৰু উদ্ধাৰ কৰে। ইয়াৰ ওপৰিও বিগত তিনিমাহত চোৰাং কয়লা সৰবৰাহ কৰা ১৭খন ট্ৰাক সহ ৪৪জন ব্যক্তিক আটক কৰিছিল।
গৰু চুৰিৰ লগত জড়িত একাংশ প্ৰভাৱশালী ব্যক্তিও শীঘ্ৰেই নগাঁও আৰক্ষীৰ জালত পৰাৰ সম্ভাৱনা আছে। কিন্তু একাংশ নিম্ন পৰ্যায়ৰ আৰক্ষী কনিষ্টবলৰ লগত এচাম দালাল প্ৰকৃতিৰ ব্যক্তিয়ে মিতিৰালি চলাই নিশা ধন সংগ্ৰহ চলাই নগাঁও আৰক্ষীক বদনাম কৰিছে । এইসকল ব্যক্তিৰ বিৰুদ্ধে শীঘ্ৰেই কঠোৰ আইনী ব্যৱস্থা লোৱা হ’ব বুলি প্ৰকাশ কৰিছে নগাঁৱৰ এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াই ।
কেৱল সিমানেই নহয় নিশা ৰাজপথত ধন সংগ্ৰহ কৰা আৰক্ষীৰ বিৰুদ্ধে কঠোৰ হৈছে নগাঁৱৰ আৰক্ষী অধীক্ষক। সংবাদ মাধ্যমত এই বিষয়ে বাতৰি ওলোৱাৰ পিছতে নগাঁৱৰ আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায়মেধিৰ নিৰ্দেশত অতিৰিক্ত আৰক্ষী অধীক্ষক ৰ’জি কলিতাই অভিযান চলাই নিশা ৰাজপথত ধন সংগ্ৰহ কৰা কেইবাজনো আৰক্ষীৰ কণিষ্টবলক হাতে লোটে ধৰা পেলায় ৷
নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কলিতাই শুক্ৰবাৰে নিশা অসামৰিক পোছাকত অভিযান চলাই নগাঁৱৰ ননৈ আৰক্ষী চকীৰ তিনিজন আৰক্ষী কণিষ্টবলক সন্দেহজনক অৱস্থাত ধৰা পেলায়। অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে এই বিষয়ে লগে লগে আৰক্ষী অধীক্ষকক অবগত কৰাত তগৰ বৰা,সূৰ্য তামূলী আৰু নবুল হুছেইন নামৰ তিনিজন কণিষ্টবলক আৰক্ষী অধীক্ষকে ৰিজাৰ্ভ ক্ল’জ কৰে ৷
আনহাতে বহুদিন ধৰি বৰঘাট, ননৈ, ৰাঙলু আৰু কঠিয়াতলি আৰক্ষী চকীত কাৰ্যনিৰ্বাহ কৰি থকা ২৩জন আৰক্ষী কণিষ্টবলক বদলি কৰা হয়। আজি নগাঁও আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত এই তথ্য সদৰি কৰে নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক(সদৰ) ৰ’জি কলিতাই। আনহাতে বিভিন্ন পক্ষই অভিযোগ কৰাৰ দৰে নগাঁৱত কোনোধৰণৰ চিণ্ডিকেট চলা নাই বুলি দাবী কৰে অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে।













