ASSAM TIMES POST
অজন্তা তালুকদাৰ,বোকাখাতঃ বোকাখাত মহকুমা আৰক্ষী বিষয়া কল্যাণ কুমাৰ দাসে এক নিৰ্দিষ্ট তথ্যৰ আধাৰত বৃহৎ সংখ্যক সাঁচিকাঠ জব্দ কৰিবলৈ সক্ষম হৈছে। যোৱা ২ আগষ্টৰ নিশা বোকাখাতৰ ৩৭ নং ৰাষ্ট্ৰীয় পথত বোকাখাত আৰক্ষীয়ে চলোৱা অভিযানত প্ৰায় ডেৰ কোটি টকা মূল্যৰ চোৰাং সাঁচিকাঠ ভৰ্তি এখন ট্ৰাক জব্দ কৰে।
দেৰগাঁৱৰ নাহৰণিৰ পৰা নগাঁৱৰ নীলবাগানলৈ এ এছ ০১ ডি চি ৩৬৭৩ নম্বৰৰ ট্ৰাকখনত সাঁচিকাঠখিনি নি থকা অৱস্থাত বোকাখাতৰ মহকুমা আৰক্ষী বিষয়া কল্যাণ দাসৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে ট্ৰাকখন কৰায়ত্ব কৰিবলৈ সক্ষম হয়। জব্দ কৰা চোৰাং সাঁচিকাঠ খিনি দেৰগাঁও নাহৰণিৰ জনৈক বাবুল আলিৰ বুলি জনায় ট্ৰাকখনৰ চালকে।
আৰক্ষীয়ে গাড়ীখনৰ সৈতে চালক সহ দুজন লোকক আটক কৰি সোধাপোচা অব্যাহত ৰাখিছে। উল্লেখ্য যে দেৰগাঁৱৰ নাহৰণিৰ বাবুল আলি নামৰ ব্যক্তিজনে ৰাষ্ট্ৰীয় পথেৰে নিয়মিত ভাৱে চোৰাং সাঁচি কাঠ নিয়াৰ তথ্য লাভ কৰিছিল আৰক্ষীয়ে। জব্দ কৰা ট্ৰাকখনৰ চালকৰ স্বীকাৰোক্তি মতে, উক্ত চোৰাং কাঠখিনি হোজাইৰ নীলবাগানলৈ নি থকা হৈছিল।
জব্দ কৰা ট্ৰাকখনৰ ভিতৰৰ পৰা এ এছ ০৫ ই ৫৪২১ নম্বৰৰ এখন মটৰ চাইকেলো উদ্ধাৰ কৰে। পাছত জব্দ কৰা কাঠ আৰু অন্যান্য সামগ্ৰীৰ সৈতে ট্ৰাকখন পূব অসম বন সংমণ্ডলক গতাই দিয়ে বোকাখাত আৰক্ষীয়ে৷ ইফালে অধিক তথ্য সংগ্ৰহৰ বাবে আৰক্ষীয়ে অভিযান আৰু জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে৷













