ASSAM TIMES POST
ষ্টাফ ৰিপ’ৰ্টাৰ:
ৰাজ্যত পুনৰ ৪০ গৰাকী সুস্থ হৈও উঠিছে ক’ৰোণাত আক্ৰান্ত হোৱা ৰোগী ৷ পুণৰ ৪০ গৰাকী ৰোগীয়ে চিকিৎসালয়ৰ পৰা যাবলৈ অনুমতি লাভ কৰিছে ৷তেওঁলোকক দুবাৰকৈ পৰীক্ষণৰ পিছত ফলাফল ঋণাত্মক পোৱা গৈছে ৷টুইটাৰযোগে এই কথা উল্লেখ কৰিছে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।সুস্থ হোৱা লোকসকল ১২জন গোলাঘাট, ১৮জন এছএমচিএইছ, ৮জন এমএমচিএইছ আৰু এজন ১ ধেমাজিৰ।অসমত বৰ্তমানলৈ ৩২৪জন লোক সুস্থ হৈ উঠিছে।এইয়া ৰাজ্যৰ বাবে সুখবৰঃ।বৰ্তমানেও ১১৮২জন লোক চিকিৎসাধীন হৈ আছে।













