ASSAM TIMES POST
গোলাঘাটঃ ভাৰতীয় জনতা পাৰ্টিৰ গোলাঘাট জিলা সমিতিৰ সভাপতি দেৱজিত বৰাৰ উপস্থিতিত গোলাঘাট নগৰখনৰ কেইবাটাও অঞ্চলত বিভিন্ন দল-সংগঠনৰ সদস্যই দেওবাৰে বিজেপিৰ নীতি-আদৰ্শৰ প্ৰতি সন্মান জনাই দলটোত যোগদান কৰে বুলি গোলাঘাট জিলা বিজেপিৰ সাধাৰণ সম্পাদক সীমান্ত বৰাই জানিবলৈ দিয়ে৷
লগতে বৰাই জানিবলৈ দিয়া অনুসৰি গোলাঘাটস্থিত প্ৰশান্তি ল’জত অনুষ্ঠিত হোৱা প্ৰথমটো যোগদান কাৰ্যসূচীত সদৌ অসম অ’বিচি ছাত্ৰ সন্থাৰ গোলাঘাট জিলাৰ সাধাৰণ সম্পাদক পাৰ্থ প্ৰতিম ৰাজপুট আৰু আদিবাসী যুৱ পৰিষদ, গোলাঘাটৰ উপ-সভাপতি গজেন্দ্ৰ কুমাৰ সাহাৰ নেতৃত্বত দুয়োটা সংগঠনৰে প্ৰায় ৫০ গৰাকী কৰ্মীয়ে যোগদান কৰে৷ লগতে আটছা, প্ৰাৰম্ভিক গোটৰো কেইবাগৰাকী সদস্যই যোগদান কৰে ৷

ইয়াৰ পাছতেই বিজেপি, গোলাঘাট জিলাৰ সংখ্যালঘু মৰ্চাৰ উদ্যোগত তথা সংখ্যালঘু মৰ্চাৰ গোলাঘাট জিলাৰ সভাপতি ফাৰজানা য়াচমিনৰ পৌৰাহিত্যত চান্দমাৰীস্থিত মাজাৰৰ সভাগৃহত অনুষ্ঠিত হোৱা এক যোগদান কাৰ্যসূচীত প্ৰায় ১০০ গৰাকী সংখ্যালঘু সম্প্ৰদায়ৰ লোকে যোগদান কৰে আৰু তাৰ পাছতেই পুলিবৰ পঞ্চায়তৰ অন্তৰ্গত জোনাকী নগৰত ৰাজীৱ শেখৰ গগৈ আৰু আমিৰ খানৰ উদ্যোগত প্ৰায় ২৫গৰাকী পুৰুষ-মহিলাই বিজেপিত যোগদান কৰে।
উক্ত কেউটা কাৰ্যসূচীতে বিজেপি গোলাঘাট জিলাৰ সভাপতি দেৱজিত বৰাৰ লগতে জিলাৰ সাধাৰণ সম্পাদক তথা সদস্যতা অভিযানৰ জিলা প্ৰমুখ সীমান্ত বৰা, জিলা সাধাৰণ সম্পাদক সঞ্জীৱ দাস, জিলা সম্পাদিকা মন্দিৰা বক্সি, জ্যেষ্ঠ নেতা দুলাল গোঁহাই, গোলাঘাট পৌৰসভাৰ ১১ নং ৱাৰ্ডৰ সদস্য ডাঃ কমলেশ্বৰ নেওগ, জিলা যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক বিক্ৰম সেন গগৈ, মিন্টু বৰা, দেৱজিত বৰা(ধন) আদি উপস্থিত থাকে বুলিও জিলা বিজেপিৰ সাধাৰণ সম্পাদকগৰাকীয়ে লগতে জানিবলৈ দিয়ে৷













