ASSAM TIMES POST
নতুন দিল্লীঃ আগষ্টৰ প্ৰথমটো দেওবাৰ অৰ্থাৎ ভাৰতৰ ফ্ৰেণ্ডশ্বিপ ডে’ উপলক্ষে ভাৰতক শুভেচ্ছা জনালে ইজৰাইলে। নতুন দিল্লীস্থিত ইজৰাইলৰ দূতাবাসে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেট্যানাহুৰ বিভিন্ন সময়ৰ সান্নিধ্যৰ আলোকচিত্ৰসমূহৰে প্ৰস্তুত কৰা এটা ভিডিঅ’ৰে ভাৰতক শুভেচ্ছা জনায়।
তাৎপৰ্যপূৰ্ণভাৱে ভিডিঅ’টোৰ আৱহ সংগীত হিচাপে বলিউডৰ জনপ্ৰিয় চলচ্চিত্ৰ শ্বোলেৰ ‘য়ে দৌস্তী হম নহী তৌড়েঙ্গে’ শীৰ্ষক গীতটোৰ সুৰটো ব্যৱহাৰ কৰে। টুইটাৰৰ জৰিয়তে ভাৰতবাসীক জনোৱা এই শুভেচ্ছাৰ বাবে ধন্যবাদ জনাই মোডীয়ে। উল্লেখ্য শান্তি আৰু সমৃদ্ধিৰ লক্ষ্যৰে ভাৰত আৰু ইজৰাইলে একেলগে কাম কৰি আহিছে।













