ASSAM TIMES POST
নতুন দিল্লীঃ নিখিল ভাৰত কংগ্ৰেছ কমিটি চমুকৈ এআইচিচিৰ পৰৱৰ্তী সভাপতি কোন হ’ব? সম্প্ৰতি ৰাজনৈতিক মহলত এই প্ৰসংগটোক লৈ ব্যাপক চৰ্চা অব্যাহত থকাৰ মাজতে ১০ আগষ্টত নতুন দিল্লীস্থিত কংগ্ৰেছৰ সদৰত অনুষ্ঠিত হ’ব কংগ্ৰেছ ৱৰ্কিং কমিটিৰ বৈঠক।
সেয়ে উক্ত দিনাই কংগ্ৰেছৰ নতুন সভাপতিৰ নাম ঘোষণা কৰাটো প্ৰায় নিশ্চিত হৈ পৰিছে। কিয়নো ৰাহুল গান্ধীয়ে উক্ত পদ ত্যাগ কৰাৰ পাছত ১০ আগষ্টত প্ৰথমখন এনে বৈঠক অনুষ্ঠিত হ’ব।
ইতিমধ্যে ৰাহুল গান্ধীয়ে এই পদ ত্যাগ কৰা এমাহৰো অধিক হ’ল। সেয়ে দেওবাৰে দলৰ সাধাৰণ সম্পাদক কেচি বেণুগোপালে ৱৰ্কিং কমিটিৰ বৈঠকৰ তাৰিখ ঘোষণা কৰাতে সেইদিনা সভাপতি নিৰ্বাচিত হোৱাটো চূড়ান্ত হৈ পৰিছে।
উল্লেখ্য ৱৰ্কিং কমিটিয়েই কংগ্ৰেছৰ সকলো নীতি, সিদ্ধান্ত গ্ৰহণ কৰে।













