ASSAM TIMES POST
নিউজ ডেস্ক:
মহাৰাষ্ট্র উপকূলত আৰম্ভ হৈছে ঘূর্ণী নিসর্গৰ তাণ্ডৱ। প্রায় ১২০ কিলোমিটাৰ বেগত বিধ্বংসী নিসৰ্গই মুম্বাইসহ সমগ্ৰ মহাৰাষ্ট্রজুৰি প্রবল তাণ্ডৱলীলা আৰম্ভ কৰিছে।আগন্তুক কেইবা ঘণ্টা ধৰি চলিব এই তাণ্ডৱ। এই কথা জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰই। মহাৰাষ্ট্রেৰ ৰায়গড় জিলাত প্রথম প্ৰৱেশ কৰে এই ঘূর্ণী।
দুপৰীয়া ১২.৩০টাৰ পৰা আৰম্ভ হয় ঘূর্ণীবতাহ। আলিবাগৰ পৰা ৪০ কিলোমিটাৰ আৰু মুম্বাইৰ পৰা ৯৫ কিলোমিটাৰ দূৰৈত ৰায়গড়ত প্রবল শক্তিৰে প্ৰভাৱ পেলাইছে নিসর্গই।অৱশ্যে এতিয়ালৈকে মুম্বাইত ঘূর্ণীৰ প্রত্যক্ষ প্রভাৱ পৰা নাই।
বাণিজ্য নগৰীত বতাহৰ লগতে আৰম্ভ হৈছে প্রবল বৃষ্টিপাত । কিছুদিন পূৰ্বে আমফানত বঙ্গত যি অভিজ্ঞতা হৈছিল, তেনে দৃশ্যই এইবাৰ দেখা গৈছে মহাৰাষ্ট্রত। বিপদৰ আশঙ্কাৰ প্ৰতি লক্ষ্য ৰাখি মানুহৰ মুকলি বিচৰণত বাধা-নিষেধ জাৰি কৰিছে মুম্বাইত।










