ASSAM TIMES POST
নিউজ ডেস্ক:
যেন অগ্নিপিণ্ডহে। হঠাৎ আকাশৰ পৰা নামিল বজ্ৰপাত। দৃশ্য দেখি সকলো শিহৰিত হ’ল। অৱশ্যে কোনো হানিবিঘিনি নোহোৱাকৈ বাচিল। এই ঘটনা গুজৰাটৰ পালিটানাৰ। ভাইৰেল হোৱা ভিডিওই এতিয়া সকলোকে শিহৰিত কৰি তুলিছে।
দৃশ্যটো বুধবাৰে পুৱাৰ। ‘নিসৰ্গ’ৰ তাণ্ডৱৰ মাজতে পুৱা প্ৰায় ১১বজাত বতৰে গুজৰি-গুমৰি দিছিল ভয়ংকৰ দুৰ্যোগৰ আগজাননী। তাৰ মাজতে ছচিয়েল মিডিয়াত প্ৰচাৰ হয় এক বিশেষ ভিডিও। আকাশৰ পৰা যেন অগ্নিপিণ্ডহে নামিছে! লগে লগে খলকনি সৃষ্টি কৰে ভিডিওটোৱে। ঘূৰ্ণীবতাহৰ পূৰ্বে গুজৰাটৰ পালিটানাত সংঘটিত বজ্ৰপাতৰ এই ঘটনাই এতিয়া সকলোকে শিহৰিত কৰি তুলিছে।










