ASSAM TIMES POST
মুম্বাইঃ কুইজ ভিত্তিক ৰিয়েলিটি শ্ব’ ‘কৌন বনেগা কৌড়ৰপতি’ চমুকৈ কেবিচিৰ ১১ সংখ্যক সংস্কৰণ লৈ আকৌ আহি আছে মেগাষ্টাৰ অমিতাভ বচ্চন। সম্প্ৰতি ইয়াৰ শ্বুটিঙত ব্যস্ত হৈ আছে তেওঁ।
টুইটাৰৰ জৰিয়তে তেওঁ এই কথা সদৰী কৰে। শ্বুটিঙৰ সময়ৰ এখন আলোকচিত্ৰও তেওঁ আপল’ড কৰে। উল্লেখ্য ইয়াৰ এটা সংস্কৰণৰ বাহিৰে আটাইকেইটা সংস্কৰণৰ ঘোষক হৈছে বিগ বি। মাথো তৃতীয় সংস্কৰণৰ ঘোষক আছিল চুপাৰষ্টাৰ শ্বাহৰুখ খান।













