ASSAM TIMES POST
নতুন দিল্লীঃ কাৰ্বন নিৰ্গমন হ্ৰাসৰে এখন সুন্দৰ পৃথিৱী গঢ়ি তুলিবলৈ কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ অংশ হিচাপে ভাৰতীয় সেনাতো সংযোগ ঘটিল চাৰিচকীয়া ইলেকট্ৰনিক ভেহিকল বা গ্ৰীণ ভেহিকল।
এতিয়াৰেপৰা দেশৰ ৰাজধানী নতুন দিল্লীত এনে ১০ খন বাহনৰ জৰিয়তে ভাৰতীয় সেনাই ইফালে-সিফালে চলাচল কৰিব। বৰ্তমান পাইলট প্ৰজেক্ট হিচাপে আৰম্ভ কৰা এই ব্যৱস্থাত পৰৱৰ্তী সময়ত আৰু অধিক বাহনৰ সংযোজন ঘটিব। ইয়াৰদ্বাৰা ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ বৰ্ধিত বায়ু প্ৰদূষণ কিছু পৰিমাণে হ’লেও হ্ৰাস পাব বুলি আশা কৰা হৈছে।
মহিন্দ্ৰাই ইয়াৰ ই-ভেৰিট’ বাহনখন ভাৰতীয় সেনাক নিবিদাৰ জৰিয়তে যোগান ধৰিছে। উল্লেখ্য ই-বাহনৰ ক্ষেত্ৰত জিএছটি পৰিষদেও জিএছটিৰ হাৰ পূৰ্বৰ ১২ শতাংশৰপৰা ৫ শতাংশলৈ হ্ৰাস কৰি ইয়াৰ ব্যৱহাৰত গুৰুত্ব আৰোপ কৰিছে।













