ASSAM TIMES POST
ডিজিটেল ডেস্ক:
বলিউডত জনপ্রিয় অভিনেত্রীসকলৰ তালিকাত অন্যতম সোণাক্ষী সিনহা। দাবাং ছিৰিজৰ পৰা বলিউড যাত্রা আৰম্ভ কৰি এতিয়া তেওঁ বেচ সফল অভিনেত্রী। কিন্তু সফলতা ইমান সহজে পোৱা নাছিল সোণাক্ষীয়ে। আনকি অভিনয় জগতলৈ অহাৰ কথাই নাছিল তেওঁৰ। কাৰণ, অতিৰিক্ত ওজন। বলিউডত খোজ দিয়াৰ পূৰ্বে ৯০ কেজি ওজন আছিল সোণাক্ষীৰ। তাৰ পৰা কেনেদৰে আজিৰ তন্বী অৱস্থালৈ আহিল অভিনেত্রীগৰাকী?
আচলতে ইয়াৰ নেপথ্যত আছে বলিউডৰ এজন অভিনেতা যিয়ে সোণাক্ষীক উৎসাহ দিয়ে ওজন কমাবলৈ। তেওঁ আৰু কোনো নহয়, সোণাক্ষীৰ প্রথম ছবিৰ নায়ক চলমান খান। চলমানৰেই উৎসাহত মেদ উৰুৱাই বলিউডত প্রবেশ কৰে সোণাক্ষীয়ে।
প্রথমে ফেচন ডিজাইনাৰ হিচাবেই ইণ্ডাষ্ট্ৰীত কাম আৰম্ভ কৰে অভিনেত্রীগৰাকীয়ে। তেতিয়া তেওঁৰ ওজন আছিল ৯০ কেজি। চলমানেই তেওঁক প্রথম কৈছিল ওজন কমোৱাৰ কথা। তেওঁৰ কথা মানিয়েই একবাৰে ৩০ কেজি ওজন কমাইছিল অভিনেত্রীগৰাকীয়ে। এটি সাক্ষাৎকাৰত সোণাক্ষীয়ে নিজেই জনাইছিল এই কথা।
কিন্তু এই সম্পূৰ্ণ বিষয়টো খুব এটা সহজ নাছিল সোণাক্ষীৰ বাবে। এটা সময়ত জিমলৈ যোৱাৰ নাম শুনিলেই তেওঁৰ গাত জ্বৰ উঠিছিল। তাৰ পৰা নিজকে উৎসাহ দি কঠোৰ পৰিশ্রম কৰী ওজন কমাইছিল সোণাক্ষীয়ে। চাহিদ কাপুৰৰ ট্রেইনাৰেই তেওঁক ট্রেইনিং দিছিল। সাঁতোৰ, যোগ, কার্ডিও সকলো ব্যায়াম কৰিছিল তেওঁ।এতিয়াও সোণাক্ষীৰ প্রতিদিনৰ ডায়েটত থাকে ফলৰ ৰস আৰু প্রচুৰ পৰিমাণে জল। দাবাং ছবিত চলমানৰ বিপৰীতেই প্রথম দেখা যায় তেওঁক।