ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Venezuela earthquake I ৭ প্ৰাবল্যৰ দুটা ভূমিকম্পই ধ্বংস কৰিলে ভেনিজুৱেলাৰ ৰাজধানীৰ একাংশ, বহু মৃত্যুৰ আশংকা

Staff Reporter by Staff Reporter
June 25, 2026
Reading Time: 1 min read
A A
0
Venezuela earthquake I ৭ প্ৰাবল্যৰ দুটা ভূমিকম্পই ধ্বংস কৰিলে ভেনিজুৱেলাৰ ৰাজধানীৰ একাংশ, বহু মৃত্যুৰ আশংকা

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

Vande Mataram Bill : বন্দে মাতৰমক অপমান কৰাটো শাস্তিযোগ্য অপৰাধ, বিধেয়কত অনুমোদন ৰাষ্ট্ৰপতিৰ

CJP protest : পঁইতাচোৰাৰ সংসদ অভিযানৰ দিনা পেলেট গানৰ‌ গুলীত কমেও ১০ জন লোক আহত, আৰটিআইৰ উত্তৰত চিকিৎসালয়ৰ তথ্য

Jharkhand protest : বিজেপিৰ ঝাৰখণ্ড বন্ধক লৈ তীব্ৰ উত্তেজনা; টায়াৰ জ্বলাই ৰাঁচীত প্ৰতিবাদ, শতাধিক এবিভিপি কৰ্মীক গ্ৰেপ্তাৰ

প্ৰথম কম্পনটো চম্ভালাৰ পূৰ্বেই আন এটা ভূমিকম্প। এই দুটা কম্পনৰ পিছত ভেনিজুৱেলা (Venezuela earthquake) কাৰ্যতঃ অসহায় হৈ পৰিছে। বুধবাৰে সন্ধিয়া (ভেনিজুৱেলাৰ স্থানীয় সময় অনুসৰি) প্ৰথমে সৰু দেশখনক ৭.২ ৰিখটাৰ স্কেলৰ ভূমিকম্পই কঁপাই তুলিছিল।

Venezuela earthquake I
৭ প্ৰাবল্যৰ দুটা ভূমিকম্পই ধ্বংস কৰিলে ভেনিজুৱেলাৰ ৰাজধানীৰ একাংশ:

৩৯ ছেকেণ্ডৰ ভিতৰতে আন এক কম্পণত কঁপি উঠে দেশখন। ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৭.৫। ভেনিজুৱেলাৰ অন্তৱৰ্তীকালীন ৰাষ্ট্ৰপতি ডেলচি ৰড্ৰিগেজে কয় যে দেশখনত এতিয়ালৈকে কমেও ৩২জন লোকৰ মৃত্যু হৈছে। প্ৰায় ৭০০ লোক আহত হয়।

ভেনিজুৱেলাৰ ৰাজধানী কাৰাকাছ আৰু বন্দৰ চহৰ লা গুয়াইৰাত এই দুটা ভূমিকম্পৰ ফলত সৰ্বাধিক ক্ষতিসাধন হয়। দুয়োখন চহৰতে বহু ঘৰ ভাঙি পৰে। ভেনিজুৱেলাৰ মূল বিমানবন্দৰত ৰাণৱে ভাঙি ভিতৰলৈ যোৱাৰ বাবে সম্প্ৰতি বিমান সেৱা বন্ধ কৰি দিয়া হৈছে। ভূমিকম্পৰ ফলত বহু লোকৰ প্ৰাণ হেৰুওৱাৰ আশংকা কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভূতাত্ত্বিক জৰীপ বিভাগে।

তেওঁলোকৰ মতে, দক্ষিণ আমেৰিকাৰ এই দেশখনত দুটা ভূমিকম্পৰ ফলত ১০ হাজাৰ লোকৰ মৃত্যু হ’ব পাৰে।
আমেৰিকাৰ ভূতাত্ত্বিক জৰীপৰ উদ্ধৃতি দি সংবাদ সংস্থা এ পিয়ে প্ৰকাশ কৰা অনুসৰি, প্ৰথমটো ভূমিকম্প কেৰিবিয়ান উপকূলৰ ম’ৰন অঞ্চলত কেন্দ্ৰ আছিল।

ৰাজধানী কাৰাকাছৰ পৰা ১৬৮ কিলোমিটাৰ দূৰত্বত অৱস্থিত এই স্থান। দ্বিতীয়টো কম্পনৰ কেন্দ্ৰ ম’ৰনৰ পৰা ১৬ কিলোমিটাৰ দক্ষিণ-পশ্চিমে। প্ৰথমটো কম্পন ভূগৰ্ভৰ ২২ কিলোমিটাৰত আৰু দ্বিতীয়টো ১০ কিলোমিটাৰ গভীৰতাত কেন্দ্ৰীভূত হৈছিল। দেশখনত সংঘটিত এই ভয়াৱহ দুৰ্যোগৰ পিছত ভেনিজুৱেলা প্ৰশাসনে জৰুৰীকালীন অৱস্থা ঘোষণা কৰে।

অন্তৱৰ্তীকালীন ৰাষ্ট্ৰপতি ডেলচিয়ে দেশবাসীক দিয়া ভাষণত সকলোকে শান্ত হৈ থাকিবলৈ আহ্বান জনায়। তেওঁ ভূমিকম্পত মৃত্যু হোৱা লোকসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। দেশৰ সকলো স্বাস্থ্যকৰ্মীক আহতসকলক চিকিৎসালয়লৈ নিবলৈ অনুৰোধ জনোৱা হৈছে।

বৰ্তমান ভেনিজুৱেলাৰ বিদ্যালয়সমূহ বন্ধ ঘোষণা কৰা হৈছে। ইতিমধ্যে আমেৰিকাই ভেনিজুৱেলালৈ উদ্ধাৰকাৰী দল প্ৰেৰণ কৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে দক্ষিণ আমেৰিকাৰ দেশখনৰ কঠিন সময়ত তেওঁলোকৰ কাষত থিয় দিয়াৰ বাৰ্তা দিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও ভেনিজুৱেলাৰ কাষত থিয় দিয়াৰ বাৰ্তা প্ৰদান কৰিছে।

বৃহস্পতিবাৰে পুৱা ছ’চিয়েল মিডিয়াত এটা পোষ্টত তেওঁ লিখিছে, “ভাৰতীয় জনসাধাৰণৰ হৈ ভেনিজুৱেলা চৰকাৰৰ প্ৰতি, বিশেষকৈ যিসকলে পৰিয়াল হেৰুৱাইছে, তেওঁলোকৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছোঁ। আহতসকলৰ আশু আৰোগ্য কামনা কৰিছোঁ। আমি এই কঠিন সময়ত ভেনিজুৱেলাৰ জনসাধাৰণৰ সৈতে থিয় দিছো। ভাৰতে যিকোনো প্ৰকাৰে সহায় কৰিবলৈ সাজু।”

কাৰাকাছকে ধৰি ভেনিজুৱেলাৰ বিভিন্ন চহৰত বহু লোক ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ পৰাৰ আশংকা কৰা হৈছে। এই পৰিস্থিতিত উদ্ধাৰ কাৰ্যত পলম হোৱাৰ অভিযোগ উত্থাপন হৈছে। স্থানীয় ৰাইজে শীঘ্ৰে ধ্বংসাৱশেষ আঁতৰাই শিশু আৰু বৃদ্ধসকলক নিৰাপদে উলিয়াই আনিবলৈ দাবী জনাইছে।

জনতাৰ ক্ষোভ অনুভৱ কৰি ভেনিজুৱেলাৰ গৃহমন্ত্ৰী ডিছডাডো কেবেলোৱে কয়, “আমি বুজি পাইছোঁ যে বহু লোকে ধৈৰ্য হেৰুৱাই পেলাইছে। অৱশ্যে আমি নিয়ম অনুসৰি উদ্ধাৰ অভিযান চলাইছোঁ। সাহায্য বিতৰণৰ ক্ষেত্ৰতো একে নিয়ম মানি চলা হ’ব। যিসকলক ইয়াৰ আটাইতকৈ প্ৰয়োজন তেওঁলোকক অগ্ৰাধিকাৰ দিয়া হ’ব।”

ভূতত্ত্ববিদসকলে কয় যে ভেনিজুৱেলাত যোৱা ১০০ বছৰত ইমান প্ৰবল ভূমিকম্প দেখা পোৱা নাই। ছ’চিয়েল মিডিয়াত প্ৰচাৰিত কেইবাটাও ভিডিঅ’ত দেখা গৈছে বিভিন্ন ভয়ানক ছবি। এটা ভিডিঅ’ত দেখা গৈছে যে ভেনিজুৱেলাৰ চাইমন বলিভাৰ বিমানবন্দৰৰ সমগ্ৰ টাৰ্মিনেলটো কঁপনি আৰম্ভ হোৱাৰ লগে লগে কঁপি উঠিছে।

আতংকিত হৈ দৌৰিছে যাত্ৰীসকল। কিছুমানে ভাৰসাম্য হেৰুৱাই পেলাইছে। কাৰাকাছৰ পৰা অহা এটা ভিডিঅ’ত দেখা গৈছে যে ভূমিকম্পৰ ফলত বহুমহলীয়া অট্টালিকা ভাঙি গৈছে। গোটেই অঞ্চলটো বগা ধূলিৰ চাদৰেৰে আবৃত।

Tags: বহু মৃত্যুৰ আশংকাভেনিজুৱেলাৰ ৰাজধানীৰ একাংশ৭ প্ৰাবল্যৰ দুটা ভূমিকম্পই ধ্বংস কৰিলে
Share4Tweet3Send

Related Posts

Vande Mataram Bill : বন্দে মাতৰমক অপমান কৰাটো শাস্তিযোগ্য অপৰাধ, বিধেয়কত অনুমোদন ৰাষ্ট্ৰপতিৰ
National-International

Vande Mataram Bill : বন্দে মাতৰমক অপমান কৰাটো শাস্তিযোগ্য অপৰাধ, বিধেয়কত অনুমোদন ৰাষ্ট্ৰপতিৰ

by News Desk
August 11, 2026
50
CJP protest : পঁইতাচোৰাৰ সংসদ অভিযানৰ দিনা পেলেট গানৰ‌ গুলীত কমেও ১০ জন লোক আহত, আৰটিআইৰ উত্তৰত চিকিৎসালয়ৰ তথ্য
National-International

CJP protest : পঁইতাচোৰাৰ সংসদ অভিযানৰ দিনা পেলেট গানৰ‌ গুলীত কমেও ১০ জন লোক আহত, আৰটিআইৰ উত্তৰত চিকিৎসালয়ৰ তথ্য

by News Desk
August 11, 2026
50
Jharkhand protest : বিজেপিৰ ঝাৰখণ্ড বন্ধক লৈ তীব্ৰ উত্তেজনা; টায়াৰ জ্বলাই ৰাঁচীত প্ৰতিবাদ, শতাধিক এবিভিপি কৰ্মীক গ্ৰেপ্তাৰ
National-International

Jharkhand protest : বিজেপিৰ ঝাৰখণ্ড বন্ধক লৈ তীব্ৰ উত্তেজনা; টায়াৰ জ্বলাই ৰাঁচীত প্ৰতিবাদ, শতাধিক এবিভিপি কৰ্মীক গ্ৰেপ্তাৰ

by News Desk
August 11, 2026
50
Adani bribery case : আদানীৰ বিৰুদ্ধে উৎকোচৰ গোচৰ খাৰিজ আমেৰিকাৰ আদালতৰ, কিন্তু ট্ৰাম্প প্ৰশাসনৰ সিদ্ধান্তক লৈ প্ৰশ্ন ন্যায়াধীশৰ
National-International

Adani bribery case : আদানীৰ বিৰুদ্ধে উৎকোচৰ গোচৰ খাৰিজ আমেৰিকাৰ আদালতৰ, কিন্তু ট্ৰাম্প প্ৰশাসনৰ সিদ্ধান্তক লৈ প্ৰশ্ন ন্যায়াধীশৰ

by News Desk
August 11, 2026
50
Delhi High Court : ছোৱালীয়ে কি পিন্ধে সেয়া ব্যক্তিগত কথা, দিল্লী উচ্চ ন্যায়ালয়
National-International

Delhi High Court : ছোৱালীয়ে কি পিন্ধে সেয়া ব্যক্তিগত কথা, দিল্লী উচ্চ ন্যায়ালয়

by News Desk
August 11, 2026
50
Minor Murder case : হোটেলত দুই শিশু কন্যাক হত্যা কৰি ডিঙি কাটি আত্মহত্যাৰ চেষ্টা পিতৃৰ
National-International

Minor Murder case : হোটেলত দুই শিশু কন্যাক হত্যা কৰি ডিঙি কাটি আত্মহত্যাৰ চেষ্টা পিতৃৰ

by News Desk
August 11, 2026
50
ADVERTISEMENT
Vande Mataram Bill : বন্দে মাতৰমক অপমান কৰাটো শাস্তিযোগ্য অপৰাধ, বিধেয়কত অনুমোদন ৰাষ্ট্ৰপতিৰ
National-International

Vande Mataram Bill : বন্দে মাতৰমক অপমান কৰাটো শাস্তিযোগ্য অপৰাধ, বিধেয়কত অনুমোদন ৰাষ্ট্ৰপতিৰ

August 11, 2026
50
CJP protest : পঁইতাচোৰাৰ সংসদ অভিযানৰ দিনা পেলেট গানৰ‌ গুলীত কমেও ১০ জন লোক আহত, আৰটিআইৰ উত্তৰত চিকিৎসালয়ৰ তথ্য
National-International

CJP protest : পঁইতাচোৰাৰ সংসদ অভিযানৰ দিনা পেলেট গানৰ‌ গুলীত কমেও ১০ জন লোক আহত, আৰটিআইৰ উত্তৰত চিকিৎসালয়ৰ তথ্য

August 11, 2026
50
Jharkhand protest : বিজেপিৰ ঝাৰখণ্ড বন্ধক লৈ তীব্ৰ উত্তেজনা; টায়াৰ জ্বলাই ৰাঁচীত প্ৰতিবাদ, শতাধিক এবিভিপি কৰ্মীক গ্ৰেপ্তাৰ
National-International

Jharkhand protest : বিজেপিৰ ঝাৰখণ্ড বন্ধক লৈ তীব্ৰ উত্তেজনা; টায়াৰ জ্বলাই ৰাঁচীত প্ৰতিবাদ, শতাধিক এবিভিপি কৰ্মীক গ্ৰেপ্তাৰ

August 11, 2026
50
Adani bribery case : আদানীৰ বিৰুদ্ধে উৎকোচৰ গোচৰ খাৰিজ আমেৰিকাৰ আদালতৰ, কিন্তু ট্ৰাম্প প্ৰশাসনৰ সিদ্ধান্তক লৈ প্ৰশ্ন ন্যায়াধীশৰ
National-International

Adani bribery case : আদানীৰ বিৰুদ্ধে উৎকোচৰ গোচৰ খাৰিজ আমেৰিকাৰ আদালতৰ, কিন্তু ট্ৰাম্প প্ৰশাসনৰ সিদ্ধান্তক লৈ প্ৰশ্ন ন্যায়াধীশৰ

August 11, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Vande Mataram Bill : বন্দে মাতৰমক অপমান কৰাটো শাস্তিযোগ্য অপৰাধ, বিধেয়কত অনুমোদন ৰাষ্ট্ৰপতিৰ

Vande Mataram Bill : বন্দে মাতৰমক অপমান কৰাটো শাস্তিযোগ্য অপৰাধ, বিধেয়কত অনুমোদন ৰাষ্ট্ৰপতিৰ

August 11, 2026
CJP protest : পঁইতাচোৰাৰ সংসদ অভিযানৰ দিনা পেলেট গানৰ‌ গুলীত কমেও ১০ জন লোক আহত, আৰটিআইৰ উত্তৰত চিকিৎসালয়ৰ তথ্য

CJP protest : পঁইতাচোৰাৰ সংসদ অভিযানৰ দিনা পেলেট গানৰ‌ গুলীত কমেও ১০ জন লোক আহত, আৰটিআইৰ উত্তৰত চিকিৎসালয়ৰ তথ্য

August 11, 2026
Jharkhand protest : বিজেপিৰ ঝাৰখণ্ড বন্ধক লৈ তীব্ৰ উত্তেজনা; টায়াৰ জ্বলাই ৰাঁচীত প্ৰতিবাদ, শতাধিক এবিভিপি কৰ্মীক গ্ৰেপ্তাৰ

Jharkhand protest : বিজেপিৰ ঝাৰখণ্ড বন্ধক লৈ তীব্ৰ উত্তেজনা; টায়াৰ জ্বলাই ৰাঁচীত প্ৰতিবাদ, শতাধিক এবিভিপি কৰ্মীক গ্ৰেপ্তাৰ

August 11, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx