ASSAM TIMES POST
নতুন দিল্লীঃ উবেৰ চালকৰ মানসিক নিৰ্যাতনৰ বিপৰীতে শাৰীৰিক নিৰ্যাতনৰপৰা কথমপি ৰক্ষা পৰিল এগৰাকী মহিলা। ঘটনাৰ বিৱৰণী অনুসৰি, বেংগালুৰুত দেওবাৰে নিশা এই ঘটনা ঘটে।
ভুক্তভোগী মহিলাগৰাকীয়ে উবেৰখন বুক কৰিছিল। কেবখন এটা সময়ত নিৰ্জন পথেদি অগ্ৰসৰ হৈছিল। তেতিয়াই উবেৰৰ চালকজনে মহিলাগৰাকীক কথা নাই, বতৰা নাই গাড়ীৰপৰা নামি যাবলৈ নিৰ্দেশ দিয়ে।
যদি তাকে নকৰে, তেতিয়া কাপোৰ ফালি পেলোৱাৰ ভাবুকি দিয়ে। অৱশ্যে বিপদৰ উমান পাই মহিলাগৰাকীয়ে উবেৰৰ ছেফটি বুটাম টিপি দিয়াত ইয়াৰ গ্ৰাহক সেৱা কক্ষৰপৰা চালকজনলৈ ফোন আহে।
তেতিয়াহে চালকজনে তেওঁৰ ভুল হৈছে বুলি উবেৰ কৰ্তৃপক্ষৰ ওচৰত ক্ষমা বিচাৰে।
.













