ASSAM TIMES POST
পৰিবেশৰ ক্ষতিকৰণৰ বাবে বৃক্ষপুলি ৰোপণ কৰিব লাগে : জিলা আৰু সত্ৰ ন্যায়াধীশ আব্দুল হাকিম
ডিফু : বিশ্ব পৰিবেশ দিৱসৰ মহৎ তাৎপৰ্যক শিৰোগত কৰি সমগ্ৰ বিশ্বৰ লগতে সংগতি ৰাখি আজি ডিফুৰ জিলা আৰু সত্ৰ ন্যায়াধীশৰ কাৰ্যালয় চৌহদত ন্যায়িক ষ্টাফ সকলে ৩০০ জোপা বৃক্ষ পুলি ৰোপণ কৰি মহানুভৱতৰ পৰিচয় দাঙি ধৰে ৷ সামাজিক দূৰত্ব বজাই ৰাখি জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত অনুষ্ঠিত কাৰ্যসূচীখনত জিলা ও সত্ৰ ন্যায়াধীশ আব্দুল হাকিম, অতিৰিক্ত সত্ৰ ন্যায়াধীশ কল্যাণ জ্যোতি শইকীয়া আৰু সহকাৰী সত্ৰ ন্যায়াধীশ মিছবাহুল আনচাৰীয়ে এজোপাকৈ বৃক্ষ পুলি ৰোপণ কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰাৰ পিছত ক্ৰমে, মুখ্য ন্যায়িক দণ্ডাধীশ এম ভাদানী, অতিৰিক্ত মুখ্য ন্যায়িক দণ্ডাধীশ ডিম্বেশ্বৰ টাই ডিএলএছ এৰ সচিব নাগিব আহমেদকে ধৰি বহু কেইজন অধিবৰক্তা আৰু ন্যায়িক ষ্টাফ সকলে বৃক্ষপুলি ৰোপণ কৰে ৷

জিলা আৰু সত্ৰ ন্যায়াধীশ আব্দুল হাকিমে নিজৰ চমু ভাষণত কয় যে বিভিন্ন কাৰণত আমাৰ পৰিবেশৰ হোৱা ক্ষতি সমূহ বৃক্ষ পুলি ৰোপণৰ জৰিয়তেহে পূৰণ কৰিব লাগিব ৷ বৃক্ষপুলি ৰোপণে ভৱিষ্যত প্ৰজন্মক অধিক দায়িত্বশীল কৰাৰ লগতে সুৰক্ষিত কৰিব ৷ ইয়াৰোপৰি পৰিবেশ সুস্থ ককি ৰাখিলেহে আমাৰ আশু উন্নতি হ’ব বলি কয় ৷ আনহাতে ডিএলএছএৰ সচিব নাগিব আহমেদে নিজৰ ভাষণ প্ৰসংগত ১৯৭২ চনৰ পৰা আৰম্ভ হোৱা বিশ্ব পৰিবেশ দিৱসৰ ইতিহাসৰ ওপৰত আলোকপাত কৰে ৷ সচিবগৰাকীয়ে গছপুলি ৰুই ডাঙৰ নোহোৱালৈকে ধৈৰ্য সহকাৰে তাৰ দায়িত্ব পালন কৰিবলৈ আহ্বান জনায় ৷

ইয়াৰোপৰি ডিএলএছএৰ উদ্যোগত এই দিৱসৰ লগত সংগতি ৰাখি অনলাইন চিত্ৰাঙ্কণ প্ৰতিযোগিতাও অনুষ্ঠুত কৰে আৰু এই প্ৰতিযোগীতাৰ বাবে প্ৰতিযোগীৰ পৰা বহু সঁহাৰি পোৱা বুলি জনায় সচিব নাগিব আহমেদে ৷ আনহাতে আজিৰ কাৰ্যসূচী থলীত প্ৰজেক্টৰৰ জৰিয়তে বৃক্ষৰোপণৰ লগতে মানুহ, প্ৰকৃতি আৰু গছ-গছনিৰ সৈতে থকা নিবিড় সম্বন্ধৰ ওপৰত আলোকপাত কৰা হয় ৷













