ASSAM TIMES POST
নতুন দিল্লীঃ সংবিধানৰ ৩৭০ নং অনুচ্ছেদ বাতিল কৰাক লৈ দুটা ভাগত বিভক্ত হৈ পৰিছে বলিউড। ইয়াৰ একাংশই কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তক সমৰ্থন জনোৱাৰ বিপৰীতে আন একাংশই বিৰোধিতা কৰিছে।
সমৰ্থনকাৰীসকলৰ মাজত আছে চলচ্চিত্ৰ নিৰ্মাতা মধুৰ ভাণ্ডাৰকাৰ, মডেল,অভিনেত্ৰী দিয়া মিৰ্জা, অভিনেতা বিবেক অৱেৰয়, কৌতুক অভিনেতা পৰেশ ৰাৱল আৰু যশস্বী অভিনেতা অনুপম খেৰ আদি।
ইপিনে ইয়াক সমালোচনা কৰে অভিনেত্ৰী গৌহৰ খান, জাহিৰা ৱাছিম আদিয়ে। জম্মু-কাশ্মীৰৰ বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তনৰে অখণ্ড ভাৰতৰ সূচনা হ’ল বুলি সমৰ্থকসকলে কয়।













