ASSAM TIMES POST
ষ্টাফ ৰিপ’ৰ্টাৰ:
আজি ঘোষণা কৰা হ’ব হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল। পুৱা ৯ বজাত ছেবাই ঘোষণা কৰিব ফলাফল। আন বছৰৰ দৰে এইবাৰ ছাত্ৰ-ছাত্ৰীয়ে যাব নালাগে মেট্ৰিক আৰু হাই মাদ্ৰাছাৰ ফলাফল ল’বলৈ। নালাগে ৰিজাল্ট ঘোষণাৰ পিছতে মাৰ্কশ্বীট অথবা পাছ চাৰ্টিফিকেট আনিবলৈ বিদ্যালয়লৈ যাব। সকলোবোৰ ছাত্ৰ–ছাত্ৰীয়ে লাভ কৰিব অনলাইনযোগে। এইবাৰ কোনে বিদ্যালয়ৰ শিক্ষক-শিক্ষয়ত্ৰীয়ে দেখা নাপাব পূৰ্বৰ দৰে বহু পৃষ্ঠাৰ বুকলেট। কেৱল পি ডি এফ ফাইলহে লাভ কৰিব বিদ্যালয়সমূহে।পুৱাৰ ৯ বজাৰ লগে লগে ছেবাৰ ১৪টাকৈ ৱেবছাইটত ঘোষণা কৰা হ’ব ফলাফল। এইবাৰ হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষাত ৰাজ্যৰ ৮৬০টা কেন্দ্রত অৱতীৰ্ণ হৈছিল ৩ লাখ ৫৮ হাজাৰ পৰীক্ষাৰ্থী।
পৰীক্ষাৰ ফলাফল উপলব্ধ হ’বলগীয়া ৱেবছাইটসমূহ :
www.results.sebaonline.org
www.resultsassam.nic.in
www.examresults.net
www.examresults.net/assam
www.indiaresults.comexametc.com
www.newsnation.in
www.newsstate.com
https://iresults.netAssamjobAlerts.com
www.assamResult.in
www.results.siksha
www.assam.siksha আৰু
www.jagranjosh.com













