ASSAM TIMES POST
গুৱাহাটী: সমগ্ৰ বিশ্বৰ লগতে সংগতি ৰাখি গুৱাহাটীস্থিত ফটাশিল আমবাৰীৰ পিডব্লিউআৰডিৰ (ইএপি)ৰ মুখ্য কাৰ্যালয় চৌহদত বিশ্ব পৰিবেশ দিৱসটি পালন কৰা হয় ৷ ক’ৰোণা কালত লকডাউনৰ মাজতে সম্পূৰ্ণ সামাজিক দূৰত্ব বজাই ৰাখি পিডব্লিউআৰডিৰ মুখ্য কাৰ্যালয় চৌহদত অনুষ্টুপীয়াকৈ বৃক্ষপুলি ৰোপণ কৰে অসম চৰকাৰৰ পিডব্লিউআৰডিৰ আয়ুক্ত ৰাজেশ কেম্প্ৰাই, আৰু পিডব্লিউআৰডিৰ (ই এ পি) ৰ মুখ্য অভিযন্তা পৱন তেৰাঙ লগতে বিভিন্ন বিষয়া সকলে ৷

পৰিবেশ আৰু পৰিপাৰ্শিকৰ পৰিষ্কাৰ পৰিচ্ছন্নতা লগতে বৃক্ষৰোপনৰ জৰিয়তে ভৱিষিযত প্ৰজন্মক সুৰক্ষিত কৰি ৰখাৰ লগতে আমাৰ পৰিবেশক প্ৰদূষণ মুক্ত কৰি ৰখাৰ ওপৰত সজাগতাৰ সৃষ্টি কৰাই মূল লক্ষ্য বুলি জানিব পৰা গৈছে ৷













