ASSAM TIMES POST
অজন্তা তালুকদাৰ, বোকাখাতঃ ‘কলাজ’, বোকাখাত শাখাৰ উদ্যোগত যোৱা ১০ জুলাইৰ পৰা ৩০ জুলাইলৈ অনুষ্ঠিত গ্ৰীষ্মকালীন নাট কৰ্মশালাৰ সামৰণি পৰিছে। এই উপলক্ষে গত ৩১ জুলাইত সামৰণি অনুষ্ঠান অনুষ্ঠিত হয়। ‘কলাজ’,বোকাখাত শাখাৰ সম্পাদক চিলমিল সপোনে পৰিচালনা কৰা অনুষ্ঠানটিত বন্তি প্ৰজ্বলন কৰে’কলাজ’, বোকাখাত শাখাৰ সভাপতি প্ৰবাল প্ৰিয়ংকৰ শইকীয়াই।
প্ৰবাল প্ৰিয়ংকৰ শইকীয়াৰ সভাপতিত্বতে বোকাখাত সন্ধানী লেখিকা সমাৰোহ সমিতিৰ কাৰ্যালয়ত অনুষ্ঠিত বাৰেৰহনীয়া অনুষ্ঠানটিত কৰ্মশালাত ভাগ লোৱা ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা বিভিন্ন নৃত্য, গীত প্ৰদৰ্শন, পৰিবেশন কৰাৰ লগতে দিহানাম, নিচাযুক্ত দ্ৰব্য সেৱনৰ অপকাৰিতাৰ বিষয়ে সজাগতা মূলক নাট,অসমৰ সমাজ আৰু সংস্কৃতিৰ প্ৰতিফলন ঘটোৱা অন্যান্য সৃষ্টিশীল অনুষ্ঠান আৰু কেইবাখনো ভিন্ন বিষয়ক চুটি নাট প্ৰদৰ্শন কৰা হয়।
কৰ্মশালাখনিত বিশিষ্ট নাট পৰিচালক তথা বহুকেইখন অসমীয়া ছবিৰ সহকাৰী পৰিচালক ৰনাল্ড’ হুচেইন, ‘ভাড়াঘৰ’ ধাৰাবাহিকৰ মুন খ্যাত দেৱাশিষ বৰঠাকুৰ, বিশিষ্ট নাট্যকাৰ-কবি অমৰ শৰ্মা, বোকাখাত জেডিএছজি মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক তথা বিশিষ্ট লেখক ডঃ ৰুবী বৰা, বিশিষ্ট নাট্যকাৰ-পৰিচালক পৱিত্ৰ ৰাজখোৱা, বিশিষ্ট অভিনেতা তথা নাট পৰিচালক নিৰজমণি বৰা, জ্ঞানমাৰ্গ একাডেমিৰ অসমীয়াৰ বিষয় শিক্ষক তথা লেখিকা গীতিৰেখা দত্ত, চিকিম এনএছডিয়ান তথা উদীয়মান নাট্যকৰ্মী অবিনাশ শৰ্মা, উদীয়মান নাট্যকৰ্মী ক্ৰমে তৰুণ তীৰ্থ শইকীয়া, প্ৰণৱ শইকীয়া, চিলমিল সপোন হাজৰিকা, অভিলাষ বৰবৰা, দুলন বাহেক আদিয়ে সমল ব্যক্তি হিচাপে ভাগ লয়।
উল্লেখ্য যে প্ৰায় ৪০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা নাট কৰ্মশালাখনিত আন ছাত্ৰ-ছাত্ৰীসকলৰ লগতে বোকাখাতত পোন প্ৰথমবাৰৰ বাবে বোকাখাত নিৰ্মাণ গোটৰ তত্বাৱধানত পৰিচালিত বোকাখাত অনাথ আশ্ৰমৰ প্ৰায় ১৫ টি শিশু-চেমনীয়াক সম্পূৰ্ণ বিনামূলীয়া প্ৰশিক্ষণ প্ৰদান কৰা হয়। ইয়াকে লৈ বোকাখাতৰ বিভিন্ন মহলত বিশেষভাৱে চৰ্চা চলিছে।
সামৰণি অনুষ্ঠানটিত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি শুভেচ্ছামূলক বক্তব্য আগবঢ়াই সদৌ অসম সাংবাদিক সন্থাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক পলিমা চেতিয়া বসুমতাৰী, নাট্যকাৰ-কবি-সাংবাদিক অমৰ শৰ্মা, বোকাখাত জেডিএছজি মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ডঃ ৰুবী বৰা, কবি-নাট সমালোচক অজন্তা তালুকদাৰ আদিয়ে। অনুষ্ঠানটিত ‘কলাজ’ৰ সদস্য সকলৰ ওপৰিও বোকাখাত অনাথ আশ্ৰমৰ কৰ্মকৰ্তা, অভিভাৱক আৰু ভালেসংখ্যক স্থানীয় ৰাইজ উপস্থিত থাকে। উক্ত অনুষ্ঠানতে কৰ্মশালাৰ সমূহ অংশগ্ৰহণকাৰী আৰু প্ৰশিক্ষকলৈ মানপত্ৰ প্ৰদান কৰা হয়। অনুষ্ঠানৰ শেষত শলাগৰ শৰাই আগবঢ়ায়’কলাজ’, বোকাখাতৰ সভাপতি প্ৰবাল প্ৰিয়ংকৰ শইকীয়াই।













