ASSAM TIMES POST
ষ্টাফ ৰিপ’ৰ্টাৰ:
সুদীৰ্ঘ ৭৫দিনৰ অন্তত কালিলৈ পৰা কঠোৰ নীতি-নিয়মৰ মাজেৰে ৰাজ্যত মুকলি হ’ব ধৰ্মীয় অনুষ্ঠান, হোটেল ৰেস্তোৰাঁ, শ্বপিংমল।ভক্ত আদৰাৰ বাবে ৰাজ্যৰ ধর্মীয় অনুষ্ঠান সমূহ সাজু কৰি তোলা হৈছে।একেদৰে শ্বপিং মল, ৰেস্তোৰাঁ আদি সমূহো গ্ৰাহকক আদৰিব বাবে আঢ়ৈ মাহ বন্ধৰ পাছত পুনৰ সাজু কৰি তোলা হৈছে।
প্ৰশাসনৰ ফালৰ পৰা ধৰ্মীয় অনুষ্ঠান সমূহক ভক্ত প্ৰৱেশৰ পূৰ্বে হাত চেনিটাইজ কৰা লগতে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰিছে।লগতে ধৰ্মীয় অনুষ্ঠান সমূহত সামাজিক দূৰত্ব মানি চলিবলৈ জাৰি কৰা হৈছে নির্দেশ।
গুৰুত্বপূৰ্ণ কথা এই যে ধৰ্মীয় অনুষ্ঠান সমূহত থকা মূৰ্তি স্পৰ্শ কৰাটো বাধা আৰোপ কৰিছে প্ৰশাসনৰ ফালৰ পৰা।ইফালে হোটেল-ৰেস্তোৰাঁ সমূহতো সামাজিক দূৰত্ব, চেনিটাইজ আৰু মাস্ক পৰিধান বাধ্যতামূলক কৰিছে প্ৰশাসনে।
শ্বপিং মল সমূহতো গ্ৰাহক সকলে যাতে সামাজিক দূৰত্ব বৰ্তাই ৰাখি বজাৰ কৰে তাত বাবে কতিপক্ষক ব্যৱস্থা লবলৈ নির্দেশ প্ৰদান কৰা হৈছে।শ্বপিং মল সমূহ সঘনাই কৰি থাকিব লাগিব চাফ-চিকুণ।মাস্ক পিন্ধাতো সকলোৱে বাবে বাধ্যতামূলক।তাপৰ্য পূর্ণ কথা এই যে যোৱা ২৪মার্চ পৰা বন্ধ হৈ আছে এই অনুষ্ঠান সমূহ।লকডাউন কিছু শিথিলতা পাছত কেন্দ্ৰ গৃহমন্ত্ৰণালয়ৰ মুকলি বাবে নির্দেশ প্ৰদান কৰিছে।













