ASSAM TIMES POST, ডিফু: হাজাৰ বাধা বিঘিনিকো অতিক্ৰম কৰি এছিয়া পেছিফিক মাষ্টার্ছ গেমছৰ স্বর্ণজয়ী দুৰন্ত এথলীট পখিলা ইংতিপীয়ে প্রত্যাখ্যা অনুসৰিয়ে ইটালীৰ টুৰিণত অনুষ্ঠিত ইউৰোপ মাষ্টার্ছ গেমছ আন্তৰাষ্ট্ৰীয় ক্রীড়া প্রতিযোগিতাত মহিলাৰ ২১ কি.মি. মাৰাথনত ব্রঞ্জৰ পদক অৰ্জন কৰি দেশলৈ বিৰল গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।
পখিলা ইংতিপীয়ে হৈছে কাৰবি আংলঙৰ প্রথম গৰাকী কৃতি খেলুৱৈ যিয়ে দুটাকৈ আন্তৰাষ্ট্ৰীয় ক্রীড়াঙ্গনত একেৰাহে পদক অৰ্জন কৰিবলৈ সক্ষম হোৱাৰ ফলত কাৰবি আংলংবাসী আৰু সমগ্ৰ কাৰবি জাতিটোৰ লগতে অসমবাসীলৈ আনন্দৰ ঢল বোৱাই আনিছে।

কালি অনুষ্ঠিত মাৰাথন প্ৰতিযোগীতাৰ মহিলাৰ ২১ কি. মি. প্ৰতিযোগিতাৰ সময়ত পখিলা ইংতিপীয়ে ৫ কি. মি. পৰ্যন্ত প্রথমস্থানতে আগবাঢ়ি আছিল যদিও বিগত বৰ্ষত হোৱা এটা দূৰ্ঘটনাত ভৰিত বেয়াকৈ আঘাটপ্ৰাপ্ত হোৱা স্থানত চৰম বিষে ওক দিবলৈ আৰম্ভ কৰে।
উল্লেখ্য যে, স্নাতক ডিগ্ৰীধাৰী উচ্চ শিক্ষিতা পখিলা ইংতিপীয়ে বন বিভাগত ফৰেষ্ট গার্ডৰূপে কর্মৰত অৱস্থাত ডিউটি কৰি থকাৰ সময়তে এই অঘটনটো সংঘটিত হৈছিল।
কিন্তু দৃঢ়মনা পখিলা ইংতিপীয়ে দেশৰ সুনামৰ লগতে অসম তথা কাৰবি পাহাৰৰ অগনণ ক্রীড়াপ্রেমীয়ে ইতিমধ্যে ‘নকবেপী’ (বীৰাঙ্গনা)ৰ আখ্যাৰে বিভূষিত পখিলা ইংতিপীয়ে হাজাৰ হাজাৰ ক্রীড়াপ্রেমীয়ে তেওঁৰ পৰা এটা পদক আশা কৰি থকাৰ কথা চিন্তা কৰি আঘাতপ্ৰাপ্ত তেওঁৰ নিজৰ ভৰিৰ চৰম বিষকো আওকাণ কৰি ইউৰোপ মাষ্টার্ছ গেমছৰ মহিলাৰ ২১ কি. মি. মাৰাথনত অৱশেষত ব্রঞ্জৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয়।













