ASSAM TIMES POST ৰ হৈ যুগুতালে বনানি শৰ্মাই
এজন যুৱক, যিজনে স্বাৱলম্বী হোৱাৰ লগতে আনকো জীয়াই থকাৰ পথ প্ৰশস্ত কৰি এক সুকীয়া কৰ্ম পৰিচয় দাঙি ধৰিছে৷ সম্প্ৰতি সকলোৰে আদৰ্শৰ যুৱক হিচাপে পৰিগণিত হৈছে এইজন যুৱক৷

উল্লেখযোগ্য যে কোনো ধৰণৰ আনুষ্ঠানিক শিক্ষা গ্ৰহণ নকৰাকৈ ২০১১ চনৰ পৰা হস্তশিল্পৰ উদ্যোগ স্থাপন কৰি নিজৰ লগতে প্ৰায় ২০গৰাকী শ্ৰমিকক কৰ্ম সংস্থাপন দিছে এইজন যুৱকে৷ স্প্ৰিণ্ট কুইন হিমা দাসৰ এলেকাৰ এই যুৱকজন৷ নগাঁও জিলাৰ ধিঙৰ এই যুৱকজনৰ নাম অমৰজিৎ গোস্বামী৷
“…উদ্যোগৰ কামসমূহ ভালদৰে কৰিলে নিজৰ লগতে দহকো স্বাৱলম্বী কৰিব পাৰি। তদুপৰি তেওঁ জনাই অসমৰ হস্তশিল্পই হওক বা হস্ত তাঁত শিল্পই হওক ইয়াক সঠিক দিশত উপস্থাপন কৰিব পাৰিলে এখন বিশাল বজাৰ লাভ কৰিব…”
মন কৰিব লগীয়া যে তেওঁ উদ্যোগত কাম কৰা প্ৰায় ভাগেই হ’ল মহিলা। যুৱকজনে পাট, মূগা আৰু কাৰ্বি, বড়ো আদি পৰম্পৰাগত সাজৰ ডিজাইনত বেগ, টুপী, ফাইল ক’ভাৰ প্ৰস্তুত কৰি আহিছে।
উল্লেখযোগ্য যে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ঠাইত তেওঁৰ প্ৰস্তুত কৰা সামগ্ৰী উপলব্ধ৷ তদুপৰি উত্তৰ পূৰ্বাঞ্চলৰ প্ৰায়বোৰ পৰ্যটন ক্ষেত্ৰতে তেওঁ উদ্যোগৰ সামগ্ৰী পোৱা যায়।

ভৱিষ্যতে বিশ্বৰ বিভিন্ন ঠাইত তেওঁৰ উদ্যোগত উৎপাদিত সামগ্ৰীয়ে স্থান পাবলৈ বৰ্তমান পৰিকল্পনা কৰি আছে। হস্ত উদ্যোগত আগ্ৰহী নতুন প্ৰজন্মৰ বাবে অমৰজিৎ গোস্বামীয়ে কয়, উদ্যোগৰ কামসমূহ ভালদৰে কৰিলে নিজৰ লগতে দহকো স্বাৱলম্বী কৰিব পাৰি। তদুপৰি তেওঁ জনাই অসমৰ হস্তশিল্পই হওক বা হস্ত তাঁত শিল্পই হওক ইয়াক সঠিক দিশত উপস্থাপন কৰিব পাৰিলে এখন বিশাল বজাৰ লাভ কৰিব পাৰি।
সম্প্ৰতি সকলোৰে বাবে আদৰ্শস্বৰূপ হৈ পৰা যুৱক অমৰজিৎ গোস্বামীৰ সফলতাৰ মূল কাৰণ একাগ্ৰতা, ধৈৰ্য আৰু কৰ্মনিষ্ঠ৷ তেওঁৰ সফলতাই ধিং অঞ্চলৰ লগতে ৰাজ্যখনৰ বিভিন্ন অঞ্চলৰ যুৱক-যুৱতীক অনুপ্ৰেৰণা যোগাইছে৷













