ASSAM TIMES POST
নিউজ ডেস্ক:
দেশৰ ভিতৰতে অতি ভয়ংকৰ বাঘজান তৈল খাদৰ অগ্নিকাণ্ডৰ ঘটনাত উদ্বিগ্ন মুখ্যমন্ত্ৰী। পৰিস্থিতি বুজ লোৱাৰ বাবে তৎকালে ঘটনাস্থলীলৈ যোৱাৰ নিৰ্দেশ দিছে উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক।
উল্লেখযোগ্য যে আজি দুপৰীয়াৰ ভাগত সংঘটিত এই অগ্নিকাণ্ডই বৰ্তমান প্ৰায় ৫ কিলোমিটাৰ অঞ্চলজুৰি আৱৰি ধৰিছে। আতংকিত গাঁওবাসী ইতিমধ্যে প্ৰাণৰ মমতাত পলায়ন কৰিছে।













