ASSAM TIMES POST
গুৱাহাটীঃ জম্মু-কাশ্মীৰত বৰ্তি থকা সংবিধানৰ ৩৭০ নং অনুচ্ছেদ বাতিল কৰাক লৈ ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনৰ বিৰুদ্ধে মঙলবাৰে সোচ্চাৰ হৈ পৰে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ।
দিছপুৰস্থিত চৰকাৰী বাসভৱনত অনুষ্ঠিত এক সংবাদমেলত তেওঁ কয় যে এই অনুচ্ছেদ বাতিল কৰাৰ সিদ্ধান্তক বিজেপিয়ে ঐতিহাসিক আখ্যা দিছে যদিও ই ঐতিহাসিক ভুলহে।
ইয়াক স্বৈৰাচাৰী আৰু গণতন্ত্ৰৰ পৰিপন্থী আখ্যা দি তেওঁ কয় যে কাশ্মীৰৰ মূল সমস্যা বেলেগ। সেয়েহে মূল সমস্যাটো সমাধান নকৰি সোমবাৰে লোৱা সিদ্ধান্তটো মাথো ৰাইজৰ মন ডাইভাৰ্ট কৰা প্ৰচেষ্টাহে। গুৰুতৰ মন্তব্য প্ৰদান কৰি তেওঁ কয় যে এই সিদ্ধান্তই উত্তৰ-পূববাসীৰ মনত সন্দেহৰ অৱতাৰণা কৰিছে।
এই সিদ্ধান্তক পূৰ্বোত্তৰৰ বাবে অশুভ সংকেত আখ্যা দি তেওঁ কয় যে পৰৱৰ্তী সময়ত যদি পূৰ্বোত্তৰৰ কেতবোৰ ৰাজ্যত থকা ষষ্ঠ অনুসূচী উঠাই দিয়ে তেতিয়া কি হ’ব?













