ASSAM TIMES POST
নগাঁওঃ নগাঁও জিলাৰ বৰচিলা গাঁও পঞ্চায়তৰ টোপ গাঁৱত বিজু বৰদলৈ নামৰ এজন লোকক নিজৰ ১৬ বছৰীয়া সতীয়া কণ্যাক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।কিশোৰী গৰাকীৰ মাতৃয়ে ৫ আগষ্টত বৰিবজাৰ আৰক্ষী চকীত ঘটনা সম্পৰ্কত দিয়া এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে বিজু বৰদলৈক গ্ৰেপ্তাৰ কৰিছে।
ইপিনে ঘটনাটো সম্পৰ্কত সদৌ অসম প্ৰগতিশীল নাৰী সন্থাৰ নগাঁও জিলা সমিতিৰ সভানেত্ৰী পৰী কুমাৰী বৰুৱা,ভাৰপ্ৰাপ্ত সম্পাদিকা আয়েফা বেগম আৰু সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ অসম ৰাজ্যিক সমিতিৰ সাধাৰণ সম্পাদক অৰূপ কুমাৰ মহন্তই নগাঁও জিলাৰ উপায়ুক্ত আৰু জিলা আৰক্ষী অধীক্ষকক এখন স্মাৰক পত্ৰ প্ৰদান কৰে।
স্মাৰক পত্ৰখনত উল্লেখ থকা মতে বিজু বৰদলৈ নামৰ লোকজনে তেওঁৰ সতীয়া জীয়ৰীৰ লগত ভয় ভাবুকিৰে শাৰীৰিক সম্পৰ্ক স্থাপন কৰি তেওঁক অন্ত:সত্বা কৰে। যোৱা ৩ আগষ্টত কিশোৰী গৰাকীক জি ডি নাৰ্চিং হোম (পুৰণি)ত ভৰ্তি কৰায়। যোৱা ৫ আগষ্টত কিশোৰী গৰাকীৰ মাতৃয়ে বৰিবজাৰ আৰক্ষী চকীত দিয়া এজাহাৰৰ ভিত্তিত বিজু বৰদলৈক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।
সংগঠনটোৱে দিয়া স্মাৰক পত্ৰখনত উল্লেখ থকা মতে জি ডি নাৰ্চিং হোমখনৰ এজন চিকিৎসকে কিশোৰীগৰাকীক অবৈধভাবে গৰ্ভপাত কৰে। সংগঠনটোৱে ব্যক্তিগতখণ্ডৰ চিকিৎসালয়খনৰ অনুজ্ঞাপত্ৰখন বাতিল কৰাৰ লগতে দোষী চিকিৎসকজনৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহনৰ দাবী জনাইছে।তদুপৰি ভুক্তভোগী কিশোৰী গৰাকীক চিকিৎসা,ঔষধ আদিৰ বিপৰীতে ক্ষতিপূৰণ দিয়াৰো দাবী জনাইছে।













