ASSAM TIMES POST
অজন্তা তালুকদাৰ,বোকাখাত: বোকাখাত নগৰৰ মাজ-মজিয়াত মঙলবাৰে পুৱা প্ৰায় ১১ বজাত এটি লতামাকৰী বাঘৰ পোৱালিৰ আবিৰ্ভাৱে চাঞ্চল্যৰ সৃষ্টি কৰে। বোকাখাতৰ ডিফলু পথৰ হিন্দী হাইস্কুলৰ সমীপৰ বাঁহৰ বজাৰত বিক্ৰী কৰিবলৈ থোৱা বাঁহৰ জাপৰ মাজত আশ্ৰয় লৈ থকা অৱস্থাত লতামাকৰীৰ পোৱালিটো প্ৰত্যক্ষ কৰাৰ লগে লগে হুলস্থূলৰ সৃষ্টি হয়।
সমসাময়িকভাৱে বন বিভাগলৈ খবৰ প্ৰেৰণ কৰা হয় যদিও বন বিভাগৰ বিষয়া-কৰ্মচাৰী ঘটনাস্থলীত উপস্থিত হ’বলৈ নৌপাওঁতেই উপস্থিত ৰাইজে লতামাকৰীৰ পোৱালিটো ধৰিবলৈ চেষ্টা চলোৱাত ভয়াৰ্ত পোৱালিটোয়ে উক্ত স্থানৰ পৰা অতৰ্কিতে পলাই গৈ সমীপৱৰ্তী ইন্দ্ৰ শৰ্মা নামৰ ব্যক্তিজনৰ ঘৰৰ চৌহদৰ ভিতৰত প্ৰৱেশ কৰে বুলি সন্দেহ হয়।
উল্লেখ্য কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বানৰ কৱলৰ পৰা পৰিত্ৰাণ পাবলৈ অথবা খাদ্যৰ সন্ধানত বন্যপ্ৰাণীয়ে গভীৰ অৰণ্যৰ পৰা পথভ্ৰষ্ট হৈ এনেদৰে লোকালয়ত আশ্ৰয় বিচাৰি প্ৰৱেশ কৰেহি। বৰ্তমান বন বিভাগৰ লোকে লতামাকৰীৰ পোৱালিটোৰ সন্ধানত চেষ্টা অব্যাহত ৰাখিছে।













