ASSAM TIMES POST,নগাঁও: নগাঁৱৰ কঠিয়াতলী আঞ্চলিক বন কাৰ্যালয়ৰ অন্তৰ্গত কাফিতলীত আজি উদ্ধাৰ হয় এটা প্ৰকাণ্ড অজগৰ সাপ।
উদ্ধাৰ হোৱা অজগৰদালৰ দৈঘ্য ১৩ ফুটৰো অধিক। কাফিতলীৰ পাপু হুছেইন নামৰ লোকজনৰ ঘৰৰ চৌহদত উদ্ধাৰ হয় প্ৰকাণ্ড অজগৰদাল।
গৰালত বান্ধি থোৱা অৱস্থাত থকা চাৰিটাকৈ হাঁহ ভক্ষণ কৰা অজগৰ দলে পুনৰ পঞ্চমটো হাঁহ খাব ধৰোঁতেই প্ৰত্যক্ষ কৰে গৃহস্থই। লগে লগে পাপু হুছেইনে স্থানীয় ৰাইজক খবৰ দিয়ে ।
পাপু হুছেইনে স্থানীয় ৰাইজৰ সহযোগত অজগৰ ডাল ধৰি বন বিভাগৰ লোকক চমজাই দিয়ে । পিছত বনবিভাগৰলোকে সুস্থ অৱস্থাত অজগৰ দালক সমীপৰ কন্দলী পাহাৰত এৰি দিয়ে ।













