ASSAM TIMES POST
অজন্তা তালুকদাৰ
বোকাখাত : বোকাখাতৰ অন্যতম পৰিৱেশ সংগঠন ‘গ্ৰীণ ৰিভ’লিউশ্বনাৰী এডমাইৰেবল চিৰিন চ’ছাইটি, চমুকৈ গ্ৰাছ-এ বোকাখাত মহকুমা অন্তৰ্গত বিদ্যালয়সমূহৰ মাজত চলোৱা এটা সমীক্ষা অনুসৰি দিৰিং বাগিচা প্ৰাথমিক বিদ্যালয়লৈ চলিত বৰ্ষৰ থানেশ্বৰ ভূঞাৰ সোঁৱৰণত ‘গ্ৰাছ নিৰ্মল সেউজ বঁটা’ ঘোষণ কৰিছে৷

গ্ৰাছে আয়োজন কৰা এই সমীক্ষাত্মক প্ৰতিযোগিতাত বিদ্যালয়ৰ চৌহদ চাফ-চিকুণ, শ্ৰেণী কোঠাৰ চাফ-চিকুণ, ছাত্ৰ-ছাত্ৰীৰ পৰিস্কাৰ-পৰিচ্চন্নতা আদিৰ ভিত্তিত প্ৰতিখন বিদ্যালয়ৰ মূল্যায়ন কৰি এখন তালিকা প্ৰস্তুত কৰিছিল৷

এই মূল্যায়নৰ ভিত্তিতেই ‘গ্ৰাছ নিৰ্মল সেউজ বঁটা’ চলিত বৰ্ষৰ বাবে কাজিৰঙাৰ সমীপৰ দিৰিং বাগিচা প্ৰাথমিক বিদ্যালয়লৈ আগবঢ়োৱা বুলি প্ৰেছ বিবৃতি যোগে জনাইছে৷ আজি এক অনুষ্টুপীয়া অনুষ্ঠানত গ্ৰাছৰ সভাপতি অংকুৰ বৰঠাকুৰৰ সভাপতিত্বত বিশিষ্ট লেখক, ৰাজি্যক কৃতী শিক্ষক বঁটাপ্ৰাপ্ত মহেন শইকীয়া, বোকাখাত প্ৰেছ ক্লাৱৰ সভাপতি তথা বিশিষ্ট সাংবাদিক ভৱানন্দ কলিতা আৰু গ্ৰাছৰ বিষয় ববীয়াৰ উপস্থিত বঁটাটি ঘোষণা কৰা হয়৷ অনুষ্ঠানটি আঁত ধৰে সম্পাদক ইন্দ্ৰেশ্বৰ বৰাই৷













