ASSAM TIMES POST
স্টাফ ৰিপৰ্টাৰ:
ডিফুৰ সাংসদ হৰেনসিং বে’য়ে মঙলবাৰে বিজেপিৰ জনসম্পৰ্ক অভিযানৰ এক কাৰ্যসূচীত অংশগ্ৰহণ কৰে৷ সাংসদজনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ দ্বিতীয়টো কাৰ্যকাল আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যত চাৰি বছৰ শাসন কৰাৰ লক্ষ্য, সিদ্ধান্ত আৰু আঁচনিৰ পুস্তিকা বিতৰণ কৰে৷
https://www.facebook.com/PoliticianKarbiAnglong/videos/300524767641483/
সাংসদজনে নগাঁও জিলাৰ বহমপুৰ, হালোৱাগাঁও, বালিজুৰি, কামপুৰ পঞ্চায়ত পৰিভ্ৰমণ কৰে৷ তেওঁক সহযোগ কৰে অসম পাঠ্যপুথি প্ৰকাশন আৰু প্ৰণয়ন নিগমৰ উপাধ্যক্ষ জিতু গোস্বামী, নগাঁও জিলা বিজেপিৰ সভাপতি অভিজিৎ নাথে৷ সাংসদ হৰেনসিং বেৰ এই জনসম্পৰ্ক অভিযানত ৰাইজে সম্পূৰ্ণ সহযোগ কৰে৷













