ASSAM TIMES POST
নগাঁও : নগাঁও জিলাৰ ননৈ জাৰণিগাঁও পেট্ৰ’ল পাম্পত এখন বিলাসী গাড়ীত অহা তিনিজন যুৱকে পেট্র’ল পাম্পটোত তেল ভৰাবলৈ অহা ১০৮ মৃত্যুঞ্জয় সেৱাৰ এজন চালকক প্ৰহাৰ কৰা ঘটনাক কেন্দ্ৰ কৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। জানিব পৰা মতে এএচ-০১/এফচি-১৪৩৪ নম্বৰৰ ১০৮ মৃত্যুঞ্জয় সেৱাৰ চালক মহচিন পাঠানে বাহনখনত তেল ভৰাবলৈ পেট্ৰ’ল পাম্পটোলৈ আহে।
আনহাতে, ১০৮ মৃত্যুঞ্জয় সেৱাৰ চালকজনক সামান্য অজুহাতত পেট্ৰ’ল পাম্পটোলৈএখন হোণ্ডা চিটি বাহনখনত অহা তিনিজন যুৱকে শাৰীৰিকভাৱে অপদস্থ কৰে । আক্ৰমণকাৰী যুৱক কেইজন সুৰামত্ত অৱস্হাত থকা জানিব পৰা গৈছে। উক্ত ঘটনাক লৈ বৰ্তমান জাঙুৰ খাই উঠিছে নগাঁৱৰ ১০৮ সেৱাৰ সৈতে জড়িত চালক-কৰ্মচাৰীসকল। ইতিমধ্যে ঘটনা সন্দৰ্ভত শাৰীৰিক আক্ৰমণৰ বলি হোৱা ১০৮ সেৱাৰ চালকজনে নগাঁও সদৰ আৰক্ষী থানাত লিখিত অভিযোগ দাখিল কৰে। কৰ’না আক্ৰান্ত ৰোগীক অনা নিয়া কামত নিয়োজিত ১০৮ সেৱাৰ চালকক শাৰীৰিকভাৱে প্ৰহাৰ কৰা উদণ্ড যুৱক কেইজনক শীঘ্রে গ্ৰেপ্তাৰৰ দাবী জনাইছে নগাঁৱৰ সচেতন মহলে।













