ASSAM TIMES POST
নিউজ ডেস্ক:
বিজেপি আইটি চেলৰ কৰ্মী ভাষ্কৰজ্যোতি দাসক গ্ৰেপ্তাৰ।চিআইডিয়ে দীৰ্ঘদিন ধৰি তদন্ত চলোৱাৰ অন্তত গ্ৰেপ্তাৰ কৰে কৰ্মীগৰাকীক। উল্লেখ্য যে, Assamese Online নামৰ সাম্প্ৰদায়িক বাৰ্তা বিয়পোৱা এটা পেজৰে তেওঁ জড়িত থকাৰ অভিযোগ।
উল্লেখ্য যে, পেজটোৰ বিৰুদ্ধে দীৰ্ঘদিনে বিভিন্নলোকে মন্তব্য কৰিছে। আৰক্ষীক ইতিমধ্যে লিখিতভাৱে এই পেজটোৰ বিৰদ্ধে বিভিন্ন লোকে গোচৰ দিছে। পেচাত এজন শিক্ষক ভাষ্কৰজ্যোতি দাসে এই পেজটো চলোৱাৰ অভিযোগ।চিআইডিয়ে মঙলবাৰে তেওঁক গ্ৰেপ্তাৰ কৰে।
ইফালে কেইদিনমান পূৰ্বে তেওওঁৰ বিৰুদ্ধে আমিনগাঁৱৰ জিএনআৰচিত এটা কম্পিউটাৰৰ মনিটৰ চুৰি কৰাৰ অভিযোগ উঠিছিল।তেওঁ মণিটৰ চোৰ কৰাৰ ভিডিঅ’ বন্দি হৈছিল চিচিটিভি কেমেৰাত।
এই ঘটনাৰ পিছতে তেওঁক আৰক্ষীয়ে থানালৈ লৈ আহিছিল। পৰৱৰ্তী সময়ত তেওঁক যাবলৈ দিয়া হয়।মঙলবাৰে তেওঁক সাম্প্ৰদায়িক মন্তব্য দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয়।













