ASSAM TIMES POST
স্টাফ ৰিপৰ্টাৰ :

আজি শিল্পী দিৱস।লেখক সাহিত্য, গীতিকাৰ, নাট্যকাৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আজি মৃত্যু দিন।১৯৫১চনৰ ১৭ জুন অৰ্থাৎ আজি দিনটোতে মৃত্যু হৈছিল এইগৰাকী সৃষ্টিৰ অপূৰ্ব খনিকৰ।
লকডাউনৰ তথা ক’ৰনা আতংকৰ বাবে পূৰ্বৰ বছৰৰ দৰে এইবাৰ বিদ্যালয়, মহাবিদ্যালয় তথা বিভিন্ন অনুষ্ঠানে আয়োজন কৰিব পৰা নাই শিল্পী দিৱস।প্ৰতিজন অসমীয়া কোঁহে কোঁহে আছে শিল্পী জনৰ অপূৰ্ব সৃষ্টি।
ইফালে শিল্পী দিৱসৰ দিনটোত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে স্মৰণ কৰিছে শিল্পী গৰাকীক।তেওঁ আদৰ্শ আৰু কৰ্মৰাজীয়ে নতুন প্ৰজন্মক নতুন সৃষ্টি বাবে সদায় অনুপ্ৰাণিত কৰিব-সোণোৱালে কয়।













