ASSAM TIMES POST
নগাঁও চহৰক স্বচ্ছ আৰু প্ৰদূষণমুক্ত কৰাত ৰাইজৰ সহযোগিতা কামনা বিধায়ক ৰূপক শৰ্মাৰ
নগাঁও : নগাঁও পৌৰ সভাৰ উদ্যোগত স্বচ্ছ ভাৰত মিচন ( নগৰ অঞ্চল)ৰ জৰিয়তে ডাষ্টবিন আৰু ট্ৰাইচাইকেল বিতৰণৰ এক কাৰ্যসূচী আজি উদ্বোধন কৰা হয় । এই উপলক্ষে নগাঁও পৌৰ সভা কাৰ্যালয়ত অনুষ্ঠিত উদ্ধোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা। বিধায়ক শৰ্মাই এই আঁচনিৰ অধীনত আনুষ্ঠানিকভাৱে পৌৰসভাৰ এলেকাৰ বাসিন্দাক বিনামূলীয়া ডাষ্টবিন আৰু বিভিন্ন আত্মসহায়ক গোটক আৱৰ্জনা কঢ়িওৱা ট্ৰাইচাইকেল বিতৰণ কৰে। বিধায়কগৰাকীয়ে ভাষণত কয় যে এই অভিলাষী আঁচনিখনে নগাঁও চহৰখনক চাফ-চিকুণ কৰি ৰখাৰ ক্ষেত্ৰত এক নতুন মাত্ৰা প্ৰদান কৰিব।

তেওঁ লগতে নগাঁও চহৰখনক স্বচ্ছ আৰু প্ৰদূষণ মুক্ত কৰি ৰখাৰ ক্ষেত্ৰত সকলোৰে সহযোগিতা কামনা কৰে। উল্লেখ্য যে, এই আঁচনিৰ জৰিয়তে নগাঁও পৌৰসভাৰ এলেকাৰ অবাসীসকলক শুকান আৰু ভিজা আৱৰ্জনা নিষ্কাষণ বাবে দুটাকৈ বিনামূলীয়া ডাষ্টবিন পর্যায়ক্ৰমে প্ৰদান কৰা হ’ব। আনহাতে এই ডাষ্টবিনসমূহ বিভিন্ন স্বেচ্ছাসেৱী সংগঠনৰ জৰিয়তে কৰ্মচাৰী নিয়োগ কৰি ঘৰে ঘৰে গৈ এই ট্ৰাইচাইকেলৰ জৰিয়তে আৱৰ্জনাসমূহ সংগ্ৰহ কৰি নিষ্কাষণৰ বাবে লৈ যোৱা হ’ব।
সভাত জিলা উপায়ুক্ত যাদৱ শইকীয়াই সকলোকে সজাগ সচেতন হৈ নগাঁও চহৰক চাফ-চিকুণ আৰু প্ৰদূষণমুক্ত কৰি ৰাখিবলৈ আহ্বান জনায় । সভাত অতিৰিক্ত উপায়ুক্ত তথা নগাঁও পৌৰ সভাৰ মূখ্য কার্যবাহী বিষয়া জয়ন্ত কুমাৰ বৰা, সহকাৰী আয়ুক্ত স্বপনীল পল প্ৰমুখ্যে বিভিন্ন বিষয়াসকল উপস্থিত থাকে।













