ASSAM TIMES POST
গোলাঘাটঃ প্ৰাক্তন বৈদেশিক পৰিক্ৰমা মন্ত্ৰী সুষমা স্বৰাজৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে গোলাঘাট বিজেপিয়ে। বুধবাৰে বিজেপিৰ জিলা কাৰ্যালয়ত সভাপতি দেৱজিত বৰাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা শোকসভাত জিলাখনৰ নেতা-কৰ্মী সকলে বিজেপিৰ জ্যেষ্ঠ নেত্ৰী গৰাকীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি পুষ্পাঞ্জলি অৰ্পনেৰে শ্ৰদ্ধা জ্ঞাপন কৰে।
এই কাৰ্যসূচীত গোলাঘাট বিজেপিৰ সাধাৰণ সম্পাদক সীমান্ত বৰা আৰু সঞ্জীৱ দাস, মিডিয়া কোষৰ আহ্বায়ক জয়ন্ত কুমাৰ গোস্বামীৰ লগতে বহুসংখ্যক দলীয় কৰ্মী উপস্থিত থাকে। ইফালে বিজেপি নেত্ৰী গৰাকীৰ আকস্মিক মৃত্যুত খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই গভীৰ শোক প্ৰকাশ কৰে।













