ASSAM TIMES POST
ডিফু : আজি পুৱাৰ ভাগত বকলীয়াঘাটত এটা লতামাকৰি উদ্ধাৰ কৰা হয় । প্ৰাপ্ত তথ্য অনুসৰি আজি পুৱা প্ৰায় ৮-৩০ বজাত বকলীয়াঘাটৰ হাতীপুৰা গাঁৱৰ ৰাইজে যমুনা নৈৰ বুকুত উটি অহি অৱস্থাত লতামাকৰিটো উদ্ধাৰ কৰি বন বিভাগৰ বকলীয়াঘাটস্থিত নৰ্দাৰ্ণ ৰেঞ্জৰ কাৰ্যালয়ত খবৰ দিয়ে।
বনকৰ্মীৰ দলে লগে লগে লতামাকৰিটো আনি মাৰাত লংৰি বন্যপ্ৰাণী অভয়াৰণ্যত৷মুকলি কৰি দিয়ে । মজলীয়া বয়সৰ লতামাকৰিটো মাৰাত লংৰি অভয়াৰণ্যৰ পৰা দুৰ্ঘটনাক্ৰমে নৈত পৰি উটি অহাৰ সন্দেহ কৰা হৈছে ।













