ASSAM TIMES POST
অজন্তা তালুকদাৰ, বােকাখাত :
অসম চৰকাৰৰ বানপানী আৰু নদী খহনীয়া ব্যৱস্থাপনা অভিকৰণ, চমুকৈ ‘ফেমা’ৰ উদ্যোগত আৰু ‘আমাৰ প্রয়াস’ গােষ্ঠীৰ সহযোগত কাজিৰঙাৰ ২৫ খন গাওঁ সামৰি বান ব্যৱস্থাপনাৰ আন্তঃগাঠনিৰ কাম-কাজ চলি আছে। ইয়াৰ দ্বাৰা ৰাইজ উপকৃত হোৱাৰ আশা কৰা হৈছে।
বানপানীৰ ক্ষতি হ্রাসকৰণ আৰু বান দুর্যোগ মােকাবিলা সক্ষম, সবল সমাজ গঠনৰ উদ্দেশ্য আগত ৰাখি ২৫খন গাঁৱৰ ২৫ জন স্বেচ্ছাসেৱক আৰু বেচৰকাৰী সংস্থাটোৰ কর্মীসকলক লৈ এক প্রশিক্ষণ কাৰ্যসূচী পুৱতি সাহিত্য সভা ভৱনত যোৱা ১৬ আৰু ১৭ জুনত দুদিনীয়াকৈ অনুষ্ঠিত হৈ যায়।
১৬ জুনৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে পশ্চিম গােলাঘাট উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া দিলীপ চৰকাৰে। সমল ব্যক্তি হিচাপে প্রশিক্ষণ দিয়ে ‘ফেমা’ৰ ক্ষেত্র বিশেষজ্ঞ লক্ষ্মীপ্রসাদ বৰঠাকুৰ, জিলা দুর্যোগ ব্যৱস্থাপনা প্রাধিকৰণৰ জিলা প্রকল্প বিষয়া ৰণী ৰাজকুমাৰ আৰু ‘ফেমা’ৰ সামাজিক সুৰক্ষা বিশেষজ্ঞ অভিষেক পালে।
প্রশিক্ষণত বিশিষ্ট অতিথি হিচাপে বােকাখাত প্ৰেছ ক্লাৱৰ সভাপতি ভৱানন্দ কলিতা, জলসম্পদ বিভাগৰ বিপুল দাস, ‘ফেমা’ৰ ক্ষেত্র বিষয়া পল্লৱী মুদৈ, জিলা দুৰ্যোগ প্রাধিকৰণৰ বোকাখাতৰ ক্ষেত্ৰ বিষয়া পার্থপ্রতিম বৰা উপস্থিত থাকে।
দুদিনীয়া প্ৰশিক্ষণৰ সামৰণিত ৰাজ্যিক পৰ্যায়ৰ বে-চৰকাৰী সংস্থাটোৰ অধ্যক্ষ আনোৱাৰ হোচেইনে কয় যে বানাক্ৰান্ত ৰাইজৰ বাবে ৰাইজৰ দ্বাৰাই বানৰ দূর্বলতা সমূহ আঁতৰাই ৰাইজক যুঁজাৰ বাবে আগবঢ়াই নিয়াই এই প্ৰশিক্ষণৰ মূল উদ্দেশ্য।













