ASSAM TIMES POST
ষ্টাফ ৰিপ’ৰ্টাৰ:
গুৱাহাটীৰ শুক্ৰেশ্বৰ, বশিষ্টসহ ৫ দেৱালয় সমিতি আজি এক যুটীয়া সংবাদমেল অনুষ্ঠিত হয় গুৱাহাটীত।সংবাদ মেলত উপস্থিত থাকে সদৌ অসম দেৱালয় সমিতিৰ সভাপতি সুৰেশ চন্দ্ৰ ভট্টাচাৰ্য।অম্বুবাচী দৰে আগন্তক বল বম বা সাৱন্ত মেলা বিশ্বত্ৰাস ক’ৰোণা ভাইৰাছৰ বাবে বাতিল কৰা কথা আনুষ্ঠানিক ভাবে ঘোষণা কৰে।

অহা ৫ জুলাই পৰা ৩ আগষ্টলৈ অনুষ্ঠিত হব লগা মেলা বাতিলৰ কথা শুক্ৰেশ্বৰ দেৱালত সম্বোধন কৰা সংবাদ মেলখনত উল্লেখ কৰে। ক’ৰোণা বাবে সাৱধানতা ব্যৱস্থা হিচাপে মেলা বাতিল কৰা বুলি উল্লেখ কৰে দেৱালয় সংঘই।যিহেতু প্ৰতি বছৰে বল বম মেলা যথেষ্ট সংখ্যক ভক্ত ভিৰ হয় তাৰ বাবে এই জটিল সময়ছোৱাত ভক্তিৰ ভিৰ নিয়ন্ত্ৰণ কৰাত অসুবিধা হোৱা আশংকা কৰি বাতিল কৰা হৈছে মেলা।কেৱল মাত্ৰ ধৰ্মীয় ৰীতি-নীতি পৰম্পৰা অনুসৰি পালন কৰা হব এইবাৰৰ বল বমত।













