ASSAM TIMES POST
ৰাজ্যত আকৌ পুনৰ ৮৪ জন নতুন ক’ৰোনা পজিটিভ। আক্ৰান্তৰ সংখ্যা যি কোনো সময়তে পাৰ হ’ব পাৰে ৫ হাজাৰ শাৰী। নতুনকৈ পোৱা ৮৪ জনৰ ২৫ গৰাকী মিছামাৰি মিলিটাৰী কেম্পৰ, ১৬ গৰাকী কামৰূপ মেট্ৰোৰ, ১৪ গৰাকী হাইলাকান্দিৰ, ১৩ গৰাকী কৰিমগঞ্জৰ, ৮ গৰাকী তেজপুৰৰ, ৫ গৰাকী নগাওঁৰ, ২ গৰাকী লখিমপুৰৰ আৰু ১ গৰাকী গোলাঘাটৰ। ইয়াৰ সৈতে আক্ৰান্তৰ সংখ্যা হ’লগৈ ৪৮৬১ জন।বতমানে ৰাজ্যত ২১৯৫ জন সক্ৰিয় হৈ থকাৰ বিপৰীতে ২৬৫৪ সুস্থ হৈ উঠিছে ৷













