ASSAM TIMES POST
বকলীয়াঘাটঃ সম্প্ৰতি মৰণফান্দলৈ পৰ্যবসিত হৈছে হাওৰাঘাটৰ চামগুৰি ৰজাপথাৰ সংযোগী দলং৷ যোৱা প্ৰায় দহ বছৰ ধৰি যমুনা নৈৰ ওপৰত থকা পকী দলং নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰি নোতোলাৰ লগতে ইয়াৰ বিকল্প হিচাপে পূৰ্বৰ কাঠৰ দলংখনো মেৰামতি কৰি যাতায়াতৰ বাবে সুচল কৰি নিদিয়াৰ ভয়ংকৰ ফল ভোগ কৰিবলগীয়া হৈছে স্থানীয় ৰাইজে।

দলংখনৰ দুৰৱস্থাৰ বাবে ইতিপূৰ্বে কেইবাটাও ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়তে আজি পুৱাৰ ভাগত এগৰাকী শিক্ষক মটৰচাইকেলসহ যমুনা নৈৰ বুকুত বাগৰি পৰি কথমপিহে প্ৰাণ ৰক্ষা পৰে। ঘটনাৰ বিৱৰণ অনুসৰি হোজাই জিলাৰ শনিবজাৰৰ পুৰণি কাকী কছাৰী গাঁও প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক তথা হাওৰাঘাট কচুপুখুৰী নিবাসী জয়ন্ত নাৰ্জাৰীয়ে এএছ-০৯-এফ-৮২৬৭ নম্বৰৰ মটৰচাইকেলখনেৰে কৰ্তব্যলৈ গৈ থকা অৱস্থাত দলংখনৰ দুৰৱস্থাৰ বাবে নিয়ন্ত্ৰণ হেৰুৱাই মটৰচাইকেলসহ দলঙৰ পৰা যমুনাৰ বোৱতী সুঁতিত বাগৰি পৰে।
দুৰ্ঘটনাত শিক্ষকগৰাকীয়ে মূৰত আঘাত পাই গুৰুতৰভাৱে আহত হয়। স্মৰ্তৱ্য যে কিছুদিন পূৰ্বে এগৰাকী মহিলা স্কুটীসহ উক্ত স্থানতে যমুনাৰ পানীত বাগৰি পৰে যদিও স্থানীয় লোকৰ তৎপৰতাত কথমপিহে মহিলাগৰাকীৰ প্ৰাণ ৰক্ষা পৰে। দলংখন শীঘ্ৰে যাতায়াতৰ উপযোগী কৰি নিদিলে ভৱিষ্যতে অধিক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।













