ASSAM TIMES POST
নিউজ ডেস্ক:
সম্প্ৰতি শোণিতপুৰ জিলাত ক’ৰোণাত আক্ৰান্তৰ সংখ্যা অভাৱনীয়ভাৱে বৃদ্ধি পাইছে৷ বিশেষকৈ চুবুৰীয়া ৰাষ্ট্ৰ, চীনৰ সৈতে ভাৰতবৰ্ষৰ সংঘাতে চূড়ান্ত পৰ্যায় পোৱাৰ সময়তে ৰঙা চীনক প্ৰতিৰোধ কৰিবলৈ ১৯৬২ চনতে স্থাপন হোৱা উত্তৰ–পূবৰ সৰ্ববৃহৎ সেনা ছাউনীৰূপে খ্যাত মিছামাৰী সেনা ছাউনীত থকা কোৱাৰেইণ্টাইন চেণ্টাৰত থকা ১৮০গৰাকী সেনাৰ ভিতৰত ২৫জনেই ক’ৰোণাত আক্ৰান্ত বুলি ঘোষণা হোৱাৰ পিছত সেনা ছাউনীৰ ভিতৰত থকা হাজাৰ হাজাৰ ভাৰতীয় সেনা তথা সেনা পৰিয়ালৰ মাজত হাহাকাৰ লাগিছে।
তদুপৰি ভাৰতীয় সুৰক্ষা বাহিনীৰ অন্যতম শক্তিস্থলৰূপে পৰিগণিত হোৱা এই সৰ্ববৃহৎ সেনা ছাউনীৰ দাঁতি কাষৰীয়া গাঁওসমূহৰ সৰ্বসাধাৰণ ৰাইজৰ মাজতো সম্প্ৰতি আতংকই বিৰাজ কৰাৰ লগতে সুৰক্ষাৰ প্ৰতিও ভাবুকি কঢ়িয়াই আনিছে৷
উল্লেখযোগ্য যে সেনা ছাউনীৰ লগতে মিছামাৰী অঞ্চলত এতিয়ালৈকে বহিঃ ৰাজ্যৰ পৰা অহা বহু পুৰুষ-মহিলা আৰু শিশু ইতিমধ্যেই ক’ৰোণাত আক্ৰান্ত হৈ চিকিৎসাধীন হ’ব লগা হৈছে৷
সেয়ে সেনাৰ লগতে মিছামৰীয়াবাসী ৰাইজৰ মাজত আতংকৰ সৃষ্টি হৈছে৷ ইপিনে প্ৰশাসনে এলেকাটো ক’ৰোণাৰ হটস্পট হিচাপে চিহ্নিত কৰি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে৷













