ASSAM TIMES POST
আমাবাৰীত আইটি চেলৰ নিৰ্বাচিত কর্মীৰে অগপ শীর্ষ নেতৃত্বৰ ৰুদ্ধদ্বাৰ বৈঠকপ্ৰাক্তন মুখ্যমন্ত্ৰীৰ প্ৰফুল্ল কুমাৰ মহন্ত নেতৃত্বতে বিজেপিৰে ২০০১চনত প্ৰথম মিত্ৰতা হৈছিল দলৰ-কমলা কলিতাই
ক’ৰনা ভাইৰাছৰ আতংকৰ মাজতে আগন্তক ২০২১ৰ বিধানসভা নিৰ্বাচনলৈ সাজু হৈছে অসম গণ পৰিষদ।সামাজিক মাধ্যমৰ জৰিয়তে প্ৰচাৰ চলাই ২১ৰ নিৰ্বাচনত অৱৰ্তীন হোৱা মূললক্ষ্য আঞ্চলিক ৰাজনৈতিক দলটোৰ।কিছুদিন পূৰ্বে ৮৫ টা সমষ্টিত গঠন কৰা আইটি চেলক ন শক্তিশালী ৰূপত সাজু কৰিছে অগপ নেতৃত্বই।সিদ্ধান্ত লৈছে চাৰি দিনীয়া প্ৰশিক্ষণ প্ৰদান কৰি শক্তিশালী ৰূপত থিয় কৰাব আইটি চেল।যত মূল লক্ষ্য হব ২১ৰ নিৰ্বাচন।

শুকুৰবাৰে অগপ মুখ্য কাৰ্যালয়ত আইটি চেলৰ কর্মী সকলোৰে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় দলটোৰ কেন্দ্ৰীয় নেতৃত্ব।বৈঠকত উপস্থিত থাকে সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত , সাধাৰণ সম্পাদক কমলা কলিতা, বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, ফণীভুষণ চৌধুৰী প্ৰমুখ্যে শীর্ষ কেন্দ্ৰীয় নেতৃবৰ্গ।
বৈঠক সন্দৰ্ভত সাধাৰণ সম্পাদক কমলা কলিতাই কয় “চ’চিয়েল মেডিয়াৰ জৰিয়তে দলটোৰ সাংগঠনিক ভেটি শক্তিশালী কৰাৰ কাম ৫০শতাংশ কাম ৮৫সমষ্টিত সম্পূৰ্ণ হৈছে।অহা পহিলা জুলাইৰ পৰা সমষ্টিৰ ভিত্তিত আই টি চেলৰ সদস্যক ৪দিনকৈ দিয়া হব প্ৰশিক্ষণ”।আগন্তক নিৰ্বাচনত মিত্ৰদল বিজেপিৰ সৈতে মিত্ৰতা অক্ষুন্ন থাকিব বুলি উল্লেখ কৰে সাধাৰণ সম্পাদক গৰাকীয়ে।
আনহাতে শুক্ৰবাৰৰ আমবাৰী কাৰ্যালয়ত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তক কটাক্ষ কৰি সম্পাদক কলিতাই কয় “বৰ্তমান সময়ত মহন্তই বিজেপিৰে মিত্ৰতা বিৰোধিতা কৰিলেও ২০০১চনত মহন্ত নেতৃত্বতে হৈছিল বিজেপিৰে প্ৰথম মিত্ৰতা।
গতিকে তেওঁ মিত্ৰতা বিৰোধিতা সন্দৰ্ভত বিশেষ একো নকওঁ”।লগতে আজি বৈঠকত মহন্তক নিমন্ত্ৰণ দিয়া হোৱা নাই।যিহেতু
বৈঠকখন সাধাৰণ সম্পাদক আৰু নেতৃত্বৰ মাজত হৈছে বুলিও তেওঁ কয়।নতুনলৈ গঠন হোৱা তৃতীয় মর্চা সন্দৰ্ভত কলিতাই কয় “ৰাজনীতিত তৃতীয় মৰ্চ্চা স্থায়িত্ব কি সেইয়া সকলোৱে দেখিছে আৰু সময়ত দেখা পাব”।













