ASSAM TIMES POST
ডিফু: বোকাজান এলেকাত যোৱা কেইটামান দিন ধৰি বনৰীয়া হাতীৰ উপদ্ৰৱে সাধাৰণ জনতাৰ নিদ্ৰা হৰণ কৰি আহিছে । পাঁচজনীয়া বনৰীয়া হাতীৰ জাকটোৱে বোকাজান বন সংমণ্ডলৰ অন্তৰ্গত তথা বোকাজান আৰু বৰজান পৰিষদীয় সমষ্টিৰ অধীনস্থ মাটিপুল, গুৰুংমাটি, ঘৰিয়ালডুবি, ফুলবাৰী, হাতীগড়, ফিচাৰীপাৰ আদি এলেকাত আৱাসগৃহ – দোকানঘৰ ভাঙি লণ্ড ভণ্ড কৰাৰ লগতে বাৰীৰ উৎপাদিত ফচল খাই তহিলং কৰিছে ।
নিশাৰ ভাগত জনাঞ্চললৈ ওলাই আহি তাণ্ডৱৰ সৃষ্টি কৰা হাতীৰ জাকটোৰ এনে উপদ্ৰৱৰ বাবে অঞ্চলবাসী ৰাইজে বিনিদ্ৰ ৰজনী কটাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। আজি পুৱতি নিশাও হাতীৰ জাকটোৱে তাণ্ডৱ চলাই ঘৰিয়ালডুবি এলেকাৰ পাঁচটাকৈ আৱাসগৃহ ভাঙি তচনচ কৰে।
হাতীৰ জাকটোৱে ঘৰিয়ালডুবিৰ ননী দেৱনাথ, শংকৰ দাস, বিষু চক্ৰৱৰ্তী আৰু ৰবীন্দ্ৰ মাহাতোৰ পাঁচটা আৱাসগৃহ মহতীয়াই নিয়ে। অৱশ্যে হাতীৰ জাকটোৰ আক্ৰমণত কোনো লোক হতাহত হোৱা নাই। ইফালে, জনাঞ্চলত তাণ্ডৱ চলাই সন্ত্ৰাসৰ সৃষ্টি কৰা হাতীৰ জাকটো খেদি পঠিওৱাত ব্যৰ্থ হোৱাৰ বাবে বন বিভাগৰ প্ৰতিও অসন্তুষ্টি ব্যক্ত কৰিছে ভূক্তভোগী ৰাইজে।













