ASSAM TIMES POST
নগাঁও: নগাঁও জিলাত কোভিড-১৯ ত আক্ৰান্তৰ সংখ্যা চাৰি শতাধিক অতিক্রম কৰাৰ সময়তে নগাঁৱৰ দুজন স্বাস্থ্য কৰ্মীৰ দেহত একেদিনাই কোভিড-১৯ চিনাক্ত হোৱাত জিলাখনৰ জনসাধাৰণ শংকিত হৈ পৰিছে। বিশেষকৈ কোভিড-১৯ আক্রান্ত স্বাস্থ্যকৰ্মী দুগৰাকীৰ কোনো ধৰণৰ ট্ৰেভেল হিষ্ট্ৰি নথকাত জিলাখনত কোভিডৰ গন সংক্ৰমণৰ আশাংকা কৰা হৈছে।
কোভিড-১৯ পজিটিভ হোৱা এজন ৰোগী হৈছে- চৰকাৰৰ আয়ুস্মান ভাৰত আঁচনিত কৰ্মৰত আৰোগ্য মিত্ৰ নগাঁৱৰ চকলাঘাট চাউলখোৱাৰ কংকন মূদৈ (৩৫) । যুৱকজন ৩১ মে’ লৈকে নগাঁও চহৰৰ ধিং গেটৰ ডিউ কেয়াৰ নামৰ নাৰ্চিং হ’ম খনৰ আয়ুস্মান শাখাত কৰ্মৰত আছিল।
পৰৱর্তী সময়ত তেওঁ হ’ম কোৱাৰেণ্টীনত থকা বুলি জানিব পৰা গৈছে । যকৃতৰ ৰোগত আক্রান্ত যুৱকজনৰ শেহতীয়া ভাবে জ্বৰ হোৱাত নগাঁও চহৰৰ শংকৰ মন্দিৰ পথৰ এখন ফাৰ্মাচীত চিকিৎসকক দেখুৱাই ঘৰলৈ উভটি যায়। আনহাতে ১৫ জুনত নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত কংকন মূদৈৰ স্বোৱাব পৰীক্ষাৰ বাবে নমুনা সংগ্ৰহ কৰা হয়।
কালি যুৱকজনৰ অসুস্থতা বৃদ্ধি পোৱাত পৰিয়ালৰ লোকে নগাঁও চহৰৰ হয়বৰগাঁৱৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয় জি ডি হস্পিতালত ভৰ্তি কৰায়। ইপিনে যুৱকজনৰ অসুস্থতা বাঢ়ি যোৱাত কালিয়েই নাৰ্চিংহ’ম খনৰ আই চি ইউত ভৰ্তি কৰোৱা হয়। আজি কংকন মূদৈৰ কোভিড পৰীক্ষাৰ ফলাফল আহে আৰু ফলাফল পজিটিভ হয়।
এই খৱৰ লাভ কৰাৰ পিছতে যুৱকজন চিকিৎসাধীন হৈ থকা জি ডি হস্পিতালৰ চিকিৎসক, কৰ্মচাৰী আৰু ৰোগীৰ মাজত হাঁহাকাৰ লাগে। ইতিমধ্যে প্ৰশাসনে নাৰ্চিং হ’মখনৰ আই চি ইউ কক্ষটোত আন ৰোগীৰ প্ৰৱেশ নিষিদ্ধ কৰে। আনহাতে কোভিড-১৯ চিনাক্ত হোৱা নগাঁৱৰ আনগৰাকী স্বাস্থ্য কৰ্মী হৈছে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত অস্থায়ী ভিত্তিত কৰ্মৰত গীতাঞ্জলি দেউৰী।
গীতাঞ্জলিৰ ঘৰ মৰিগাঁও জিলাত। নগাঁও চহৰৰ দাঁতি কাষৰীয়া উজৰাগাঁও মডেল হস্পিতালত কোভিড চিকিৎসালয়ত আৰম্ভণিৰ পৰা কৰ্তব্য পালন কৰা চিকিৎসা কৰ্মী গৰাকী এসপ্তাহ কোৱাৰেণ্টীনত আছিল। স্বাস্থ্য কৰ্মী গৰাকীৰ শেহতীয়া ভাবে জ্বৰ হোৱাত তেওঁৰ ‘স্বোৱাব’ পৰীক্ষা কৰা হয়।
এই পৰীক্ষাত তেওঁৰ দেহত কোভিড-১৯ চিনাক্ত হয়। আজি স্বাস্থ্য কৰ্মী গৰাকীক নগাঁৱৰ কোভিড চিকিৎসালয়ত চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হৈছে। ইপিনে এই স্বাস্থ্য কৰ্মী দুগৰাকী কাৰ কাৰ সংস্পৰ্শলৈ আহিছিল তাক লৈ উৎকন্ঠাৰ সৃষ্টি হৈছে।
বিশেষকৈ কোভিড আক্ৰান্ত কংকন মূদৈৰ সংস্পৰ্শলৈ অহা চিকিৎসকৰ পৰা স্বাস্হ্যকৰ্মীলৈকে তালিকা দীঘলীয়া। স্বাস্থ্য বিভাগৰ নিয়ম অনুসৰি ৰোগীজনৰ সংস্পৰ্শলৈ অহা বহুলোক কোৱাৰেন্টীনত থাকিব লাগিব।
ইপিনে বিনা নিযুক্তি পত্ৰ তথা নুন্যতম বেতনৰে কৰ্তব্যত নিয়োজিত আয়ুস্মান ভাৰত অভিযানৰ আৰোগ্য মিত্ৰ সকলৰ মাজৰে কংকন মুদৈ কোভিদ -১৯ ত আক্ৰান্ত হোৱাৰ লগে লগে তেওঁৰ সৈতে একলগে কৰ্মৰত আৰোগ্য মিত্ৰৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।
ইতিমধ্যে কংকন মূদৈৰ কৰোনা পজিটিভ খবৰ বিয়পি পৰাৰ লগে লগে তেওঁৰ বাসস্থান চকলাঘাট চাউলখোৱাৰ অঞ্চলৰ ৰাইজৰ মাজত তীব্র চাঞ্চল্যৰ সৃষ্টি হৈছে। জিলা প্ৰশাসনে কংকন মূদৈৰ বাসগৃহ থকা চাউলখোৱা অঞ্চলটো কন্টেইমেন জ’ন ঘোষণা কৰিছে।লগতে নগাঁও জি ডি হস্পিতাল,ভাস্কৰ লেৱ,পেনেছিয়া নামৰ ক্লিনিক খনৰ কাম কাজ সাময়িক ভাবে স্হগিত ৰখাৰ নিৰ্দেশ জাৰি কৰা বুলি জানিব পৰা গৈছে ।
একেদৰে যোৱা ১৪ জুনত ডেৰাদুনৰ পৰা বিমানেৰে অসমলৈ ঘূৰি অহা চকলাঘাট খোৰামোচৰ সামৰিক বাহিনীত কৰ্মৰত বি বৰা নামৰ ৩২ বছৰীয়া জোৱানজনৰো কৰ’না পজিটিভ বুলি ফলাফল আহিছে ৷ জানিবপৰা মতে তেওঁ কোৱাৰেন্টীনত আছিল ৷ ইপিনে নগাঁও জিলাত দ্ৰুতগতিত বৃদ্ধি পাইছে কৰ’নাত আক্ৰান্তৰ সংখ্যা।
বহিঃৰাজ্যত আৱদ্ধ নগাঁৱৰ লোকসকলৰ নগাঁৱলৈ আগমন ঘটাৰ পিছৰে পৰাই জিলাখনত ক্ৰমশঃ কৰ’নাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে। কালি নিশা আৰু আজি দিনটোৰ ভিতৰত নতুনকৈ ১০ জন লোক কোভিড-১৯ ত আক্ৰান্ত হৈছে।
ইয়াৰে যোৱা নিশা ৪ জন আৰু আজি ৬ আক্রান্ত হোৱাটো নিশ্চিত কৰিছে স্বাস্থ্য বিভাগে। ইয়াকে লৈ জিলাখনত ক’ভিড আক্ৰান্তৰ সংখ্যা ৪০৯ জনলৈ বৃদ্ধি পায়।













